ৱমেনছ জুনিয়ৰ এছিয়া কাপ হকী টুৰ্ণামেণ্টৰ ফাইনেলত প্ৰৱেশ কৰিছে ডিফেণ্ডিং চেম্পিয়ন ভাৰতীয় দলে। শনিবাৰে অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনৰ ছেমিফাইনেল মেচখনত ভাৰতে প্ৰতিপক্ষ জাপানক ৩-১ গ’লৰ ব্যৱধানত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে।
মেচখনৰ প্ৰথম কোৱাৰ্টাৰৰ ভিতৰতে ভাৰতে তিনি শূন্যৰ অগ্ৰগতি লাভ কৰে। ভাৰতৰ হৈ প্ৰথম ৪ মিনিটত মুমতাজ খানে, পঞ্চম মিনিটত সাক্ষী ৰানা আৰু ১৩ মিনিটত দীপিকাই গ’ল প্ৰদান কৰে।
জাপানৰ হৈ প্ৰথমটো আৰু একমাত্ৰ গ’লটো দিয়ে নিকো মাৰুয়ামাই। তেওঁ ২৩ মিনিটত দেশৰ হৈ গ’লটো দিয়ে।
ফাইনেলত চীন আৰু দক্ষিণ কোৰিয়াৰ মাজত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয়খন ছেমি ফাইনেলত বিজয়ী দলৰ মুখামুখি হ’ব ভাৰত।