অৱশেষত চাৰি বছৰৰ মূৰত ন্যায় পালে ধেমাজিৰ নন্দিতা শইকীয়াৰ পৰিয়ালে। আজিৰ পৰা ঠিক চাৰি বছৰ পূৰ্বে অৰ্থাত ২০২১ চনৰ ২১ আগষ্টত ৰিণ্টু শৰ্মা নামৰ এজন নৰপিশাচে নৃশংসভাৱে হত্যা কৰিছিল কলেজীয়া ছাত্ৰী নন্দিতা শইকীয়াক। আৰু আজি ২০২৫ বৰ্ষৰ ২১ আগষ্টত ধেমাজি সত্ৰ ন্যায়াধীশ আদালতে হত্যাকাৰী ৰিণ্টু শৰ্মাক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰে।
এই ঐতিহাসিক ৰায় প্ৰদান কৰাৰ পূৰ্বে ২০ আগষ্ট অৰ্থাত বুধবাৰে ধেমাজি জিলা ন্যায়াধীশ কল্যাণজিত শইকীয়াৰ আদালতে ভাৰতীয় দণ্ডবিধি আইনৰ ৩৪১/৩২৬/৩০৭ আৰু ৩০২ ধাৰাৰ অধীনত ৰিণ্টু শৰ্মাক দোষী সাব্যস্ত কৰিছিল। দোষী সাব্যস্ত কৰি আদালতে শাস্তিৰ ৰায় সংৰক্ষিত কৰি ৰাখিছিল।
উল্লেখ্য যে, চাৰি বছৰ পূৰ্বে অৰ্থাত ২০২১ বৰ্ষৰ আজিৰ দিনটোতেই ধেমাজিৰ মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়াক একেখন মহাবিদ্যালয়ৰে গ্ৰন্থাগাৰত কৰ্মৰত ৰিণ্টু শৰ্মাই চোকা অস্ত্ৰৰে আক্ৰমণ কৰিছিল।
দিন দুপৰতে ধেমাজিৰ অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ আস্থানৰ সন্মুখত নৃশংসভাৱে আক্ৰমণ কৰাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল নন্দিতা। ৰাজ্য জোঁকাৰি যোৱা ঘটনাৰ চাৰি দিন পিছত অৰ্থাত ২৫ আগষ্টত ডিব্ৰুগড়ৰ এখন ব্যক্তিগত হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে নন্দিতাই।