ডিজিটেল ডিমেনচিয়া হৈছে এক গুৰুতৰ সমস্যা, যি আজিৰ ডিজিটেল যুগৰ এক উৎপাদন। আজিৰ এই ডিজিটেল যুগত স্মাৰ্টফোন, টেবলেট আৰু কম্পিউটাৰ আদি আমাৰ জীৱনৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে।
ইয়াত কোনো সন্দেহ নাই যে, বৰ্তমান সময়ত প্ৰযুক্তিৰ দ্বাৰা মানৱ জীৱন অতি সহজ হৈ পৰিছে। কিন্তু ই বহুক্ষেত্ৰত মানুহৰ মন-মগজু বহুতো সমস্যাৰে আৱৰি পেলায়, ইয়াৰ ভিজৰত ডিজিটেল ডিমেনচিয়াও এটা।
ডিজিটেল ডিমেনচিয়া হৈছে মানসিক অৱস্থাৰ বাবে ব্যৱহৃত এক নতুন শব্দ, য’ত ডিজিটেল অৰ্থাৎ বৈদ্যুতিক সঁজুলিৰ অত্যাধিক ব্যৱহাৰে মস্তিষ্কৰ কাৰ্যত নেতিবাচক প্ৰভাৱ পেলায়। এনে পৰিস্থিতিত, এজন ব্যক্তিৰ জ্ঞানীয় ক্ষমতা হ্ৰাস হোৱাৰ লগতে, তেওঁৰ স্মৃতিশক্তিয়ো লোপ পায়।
ডিজিটেল ডিমেনচিয়াৰ কাৰণ-
ডিজিটেল ডিমেনচিয়াৰ কাৰণবোৰ হৈছে অত্যাধিক স্ক্ৰীণ সময়, মাল্টিটাস্কিং, আৰু ডিজিটেল ডিভাইচৰ ওপৰত নিৰ্ভৰশীলতা। বৈদ্যুতিক সঁজুলিবোৰত অধিক সময় অতিবাহিত কৰাৰ বাবে বিশেষকৈ, যুৱ প্ৰজন্মই গুৰুত্বৰভাৱে এই সমস্যাৰ সন্মুখীন হৈছে।
ডিজিটেল ডিমেনচিয়াৰ প্ৰভাৱ-
- সঘনাই স্মাৰ্টফোন আৰু অন্যান্য ডিজিটেল সঁজুলিৰ ব্যৱহাৰে মগজুৰ মনোযোগ দিয়াৰ ক্ষমতাক প্ৰভাৱিত কৰে। বৈদ্যুতিক মাধ্যমৰ অত্যাধিক ব্যৱহাৰে মগজুৰ উৎপাদনশীলতা আৰু একাগ্ৰতা হ্ৰাস কৰে।
- বহুসময় ধৰি স্ক্ৰীণত নিৰন্তৰ ব্যস্ত থাকিলে স্মৃতি শক্তি দুৰ্বল হয়। বহুতো গৱেষণাই দেখুৱাইছে যে, যিসকল লোকে ৩ ঘণ্টাতকৈ অধিক সময়ৰ বাবে ডিজিটেল সঁজুলি ব্যৱহাৰ কৰে, তেওঁলোকে দীঘলীয়া সময়ৰ বাবে তথ্য মনত ৰখাত অসুবিধাৰ সন্মুখীন হয়।
- নিশা স্ক্ৰীণ ব্যৱহাৰ, বিশেষকৈ নীলা পোহৰৰ প্ৰসাৰিত সঁজুলিবোৰে টোপনিৰ মানদণ্ডক প্ৰভাৱিত কৰে। নীলা পোহৰে মগজুক সজাগ কৰি ৰাখে লগতে ই টোপনি প্ৰেৰক হৰমন মেলাটোনিনৰ স্তৰ হ্ৰাস কৰে, যাৰ ফলত টোপনিৰ সমস্যাই দেখা দিয়ে।
- ডিজিটেল সঁজুলিত অত্যাধিক সময় অতিবাহিত কৰিলে বাস্তৱ জীৱনত মানুহৰ সামাজিক আদান-প্ৰদান হ্ৰাস হ’ব পাৰে। ই মস্তিষ্কত স্বাস্থ্যৰ সমস্যা যেনে, উদ্বেগ আৰু হতাশাৰ আশংকা বৃদ্ধি কৰিব পাৰে।
ডিজিটেল ডিমনেচিয়াৰ প্ৰভাৱৰ পৰা নিজকে সুৰক্ষা দিবলৈ আমি এইসমূহ কাম কৰা উচিত-
- পৰ্দাত অতিবাহিত কৰা সময় নিয়ন্ত্ৰণ কৰা উচিত আৰু বিশেষকৈ, শোৱাৰ আগতে স্ক্ৰীণৰ ব্যৱহাৰ হ্ৰাস কৰাটো দৰকাৰ।
- নিজৰ পৰিয়াল তথা বন্ধুবৰ্গৰ সৈতে অধিক সময় কৰিব লাগে। বাস্তৱ জীৱনত, সামাজিক আদান-প্ৰদান, মানসিক স্বাস্থ্যৰ বাবে যথেষ্ট উপকাৰী।
- টোপনিৰ মানদণ্ড উন্নত কৰিবলৈ শোৱাৰ কমেও এঘণ্টা আগতে ডিজিটেল ডিটক্স কৰাটো দৰকাৰ।