দ্বিতীয়বাৰৰ বাবে টাইম আলোচনীৰ বৰ্ষশ্ৰেষ্ঠ ব্যক্তি হ’ল আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। ইয়াৰ পূৰ্বে ২০১৬ চনত ট্ৰাম্পে এই সন্মান লাভ কৰিছিল। বিশ্বৰ জনপ্ৰিয় আলোচনীখনে বৃহস্পতিবাৰে এই ঘোষণা কৰে। যোৱা বছৰ ২০২৩ চনৰ ‘পাৰ্চন অৱ দ্য ইয়েৰ’ৰ সন্মান পপ আইকন টেইলৰ চুইফটক দিয়া হৈছিল।
উল্লেখ্য যে, ২০২৭ চনৰ পৰা টাইম আলোচনীয়ে এই সন্মান দি আহিছে। কোনো এটা বছৰৰ সামগ্ৰিক বিশ্বৰ পৰিঘটনাত যি ব্যক্তিয়ে সৰ্বাধিক প্ৰভাৱ পেলায়, তেওঁ এই খিতাপ লাভ কৰে। কিন্তু এই প্ৰভাৱ কেৱল ইতিবাচক নহয়, নেতিবাচকও হ’ব পাৰে।
এইবাৰ ট্ৰাম্পক নিৰ্বাচিত কৰাৰ কাৰণ তেওঁৰ আচৰিত ‘ৰাজনৈতিক প্ৰত্যাৱৰ্তন’। কাকতখনৰ সম্পাদকসকলে দাবী কৰে যে এনে প্ৰত্যাৱৰ্তন আমেৰিকাৰ ইতিহাসত অভূতপূৰ্ব।