ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ে আয়োজন কৰা ব্ৰিকছ সন্মিলনত অংশ ল’ব ড০ আছমা বেগমে। ব্ৰিকছ সন্মিলনত ভাষণ দিবলৈ ড০ আছমা বেগমক আমন্ত্ৰণ জনোৱা হৈছে বুলি জানিব পৰা গৈছে।
বিকশিত ভাৰত সমাচাৰৰ কাৰ্যবাহী সম্পাদক ড০ আছমা বেগমে ভাৰতক প্ৰতিনিধিত্ব কৰি ৰাছিয়াৰ প্ৰধানমন্ত্ৰী, উপ-প্ৰধানমন্ত্ৰী, বৈদেশিক মন্ত্ৰী, অৰ্থনীতি মন্ত্ৰী আৰু সকলো চৰকাৰী বিভাগৰ মুৰব্বীৰ লগতে ব্ৰিকছৰ আন সকলো সদস্য দেশৰ প্ৰতিনিধিৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰিব।
ব্ৰিকছ সংস্থাসমূহৰ ৰাছিয়ান ফেডাৰেচনৰ সভাপতিত্বৰ কাৰ্য্য পৰিকল্পনাৰ অংশ হিচাপে চলিত বৰ্ষৰ ২১ আৰু ২২ নৱেম্বৰত ব্ৰিকছ দেশসমূহৰ ষষ্ঠ আন্তঃৰাষ্ট্ৰীয় মঞ্চৰ (শৰৎকালীন অধিবেশন) চেণ্ট পিটাৰ্ছবাৰ্গত অনুষ্ঠিত হ’ব।
এই কাৰ্যসূচীত ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয় আৰু চেণ্ট পিটাৰ্ছবাৰ্গ প্ৰশাসনে সহযোগ কৰিছে।
উল্লেখ্য যে ৰাছিয়ান ফেডাৰেচনৰ সৈতে গঠনমূলক আলোচনাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ ব্ৰিকছ দেশ আৰু অন্যান্য ৰাষ্ট্ৰসমূহৰ সৈতে বহুবিষয়ক সহযোগিতা শক্তিশালী কৰা, ফলপ্ৰসূ ব্যৱসায়িক যোগাযোগ গঢ়ি তোলা, ভূখণ্ডৰ আৰ্থ-সামাজিক উন্নয়ন আদি বিষয়ত মঞ্চখনে মনোনিৱেশ কৰিছে।