- পূজা পেণ্ডেলত বৰ্তাই ৰাখিব লাগিব পৰিষ্কাৰ-পৰিচ্ছন্নতা।
- পূজা মণ্ডপত পূজা কমিটীয়ে সংস্থাপন কৰিব লাগিব পৰ্যাপ্ত চিচিটিভি।
- পূজা মণ্ডপত থাকিব লাগিব চিকিৎসক আৰু চিকিৎসাকৰ্মীৰ দল।
- পূজাৰ পেণ্ডেলত অগ্নি নিৰ্বাপনৰ আগতীয়া ব্যৱস্থা কৰি থ’ব লাগিব পূজা কমিটীয়ে।
- পূজা মণ্ডপত পৰ্যাপ্ত খোৱাপানীৰ ব্যৱস্থা থাকিব লাগিব।
- লাউড স্পীকাৰ ব্যৱহাৰৰ ক্ষেত্ৰত শব্দ প্ৰদূষণ ৰোধৰ নিয়ম মানি চলিব লাগিব।
- বলপূৰ্বক দান-বৰঙণি লোৱাৰ পৰা বিৰত থাকিব লাগিব পূজা কমিটিসমূহ। এই কাৰ্যক বে-আইনী আখ্যা কামৰূপ জিলা প্ৰশাসনৰ।
- সুৰা আৰু নিচাযুক্ত দ্ৰব্য ব্যৱহাৰত আৰোপ কৰা হৈছে নিষেধাজ্ঞা।
- পূজা মণ্ডপৰ পৰা ১০০ মিটাৰলৈ নিষিদ্ধ থাকিব পাৰ্কিং।
- নিশা ১০ বজাৰ পাছত লাউড স্পীকাৰ ব্যৱহাৰত আৰোপ কৰা হৈছে নিষেধাজ্ঞা।
- পূজা মণ্ডপৰ ডেক’ৰেচনত নিষিদ্ধ উচ্চ দাহনযোগ্য সামগ্ৰীৰ ব্যৱহাৰ।