এছিয়া মহাদেশৰ দুখনকৈ গুৰুত্বপূৰ্ণ দেশ থাইলেণ্ড আৰু ম্যানমাৰত আজি এক ভয়ংকৰ ভূমিকম্প হয়। ৭.৭ ৰিখতাৰ স্কেলৰ প্ৰাৱল্যই জোঁকাৰি যোৱা এই ভূমিকম্পৰ ফলত দেশ দুখনত বিস্তৰ ক্ষতিসাধন হয়।
শেহতীয়াকৈ লাভ কৰা খবৰ অনুসৰি বেংককত এটা অট্টালিকা তাচপাতৰ দৰে খহি পৰাত ৮ জন লোকৰ মৃত্যু হৈছে। আনহাতে আন এটা প্ৰান্তত আৰু এজন লোকৰ মৃত্যু হোৱাত মৃত্যু হোৱা লোকৰ সংখ্যা ৯ জনলৈ বৃদ্ধি পায়।
ইফালে উদ্ধাৰকাৰী দলে জনোৱা অনুসৰি নিৰ্মাণ কাৰ্য চলি থকা অঞ্চলত এতিয়াও ১০০ৰো অধিক লোক সন্ধানহীন হৈ আছে।
আনহাতে এই প্ৰলয়ংকাৰী ভূমিকম্পৰ ফলত ম্যানমাৰত এই পৰ্যন্ত ১৪৪গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ৭৩২ গৰাকী লোক গুৰুতৰভাৱে আহত হৈছে। সেনাৰ উদ্ধৃতি দি আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যম বিবিচিয়ে প্ৰকাশ কৰা তথ্য অনুসৰি মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।
সেনাই জনোৱা অনুসৰি, নাই পই তাৱত ৯৬গৰাকী, ছেগিঙত ১৮ আৰু মাণ্ডলে ৩০ গৰাকী লোকৰ মৃত্যু হৈছে।
ম্যানমাৰৰ উদ্ধাৰকাৰী দলে ৰয়টাৰ্ছক জনোৱা মতে, ৰাজধানী নাইপিদাও’ৰ সীমান্তৰ পিইনমানা অঞ্চলৰ পৰা ৬০টা মৃতদেহ আৰু ১৩০জন আহত লোকক উদ্ধাৰ কৰা হৈছে। তেওঁলোকে জনোৱা অনুসৰি, অট্টালিকাসমূহত এতিয়াও বহু লোক আবদ্ধ হৈ আছে, যাৰ কাষ চাপিব পৰা নাই এতিয়াও।