শেহতীয়াকৈ ছ’চিয়েল মিডিয়াৰ প্ৰভাৱশালী তথা প’ডকাষ্টাৰ ৰণবীৰ এলাহাবাদিয়াই প্ৰচণ্ড ট্ৰলিঙৰ সন্মুখীন হৈছে। শেহতীয়াকৈ তেওঁ ষ্টেণ্ড আপ কমেডিয়ান সময় ৰাইনাৰ শ্ব’ ‘India’s Got Latent’লৈ আহে।
এই শ্ব’টো বিতৰ্কিত আৰু সাহসী কমেডী কন্টেন্টৰ বাবে জনাজাত। কিন্তু এই শ্ব’টোত হঠাতে এক ঘটনা ঘটে, যিয়ে ছ’চিয়েল মিডিয়াত হুলস্থুলৰ সৃষ্টি কৰে। শ্ব’টোত এগৰাকী প্ৰতিযোগীক আপত্তিজনক প্ৰশ্ন কৰি বিপদত পৰে ৰণবীৰ।
লগতে এতিয়া দৰ্শকে এনে শ্ব’ নিষিদ্ধ কৰাৰ দাবী জনাইছে। শ্ব’টোৰ শেহতীয়া খণ্ডটোত ৰণবীৰ এলাহাবাদিয়াই এজন প্ৰতিযোগীক অতি কৌশলী প্ৰশ্ন কৰে, যাৰ বাবে সকলো স্তম্ভিত হৈ পৰে।
তেওঁৰ এই ক্লিপটো এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, যি চোৱাৰ পিছত দৰ্শকে ৰণবীৰ এলাহাবাদিয়াৰ ওপৰত খং কৰে আৰু তেওঁক তীব্ৰ গৰিহণা দিয়ে। আনকি কিছুমানে এলাহাবাদিয়াৰ এই প্ৰশ্নক বিকৃত বুলিও অভিহিত কৰে। বহু ব্যৱহাৰকাৰীয়ে এই প্ৰশ্নটো কেৱল লজ্জাজনক নহয়, অশ্লীল বুলিও অভিযোগ কৰে।
গতিকে ইউটিউবাৰজনৰ বিৰুদ্ধে FIR ৰুজু কৰাৰ দাবী কৰিছে একাংশই। লগতে ‘India’s Got Latent’নামৰ শ্বটো বন্ধ কৰিবলৈও দাবী উত্থাপন কৰিছে একাংশই।
ইফালে ৰণবীৰ এলাহাবাদিয়াৰ বিৰুদ্ধে এক্সন লোৱাৰ হুংকাৰ কৰিছে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীয়ে।