ৰাজ্যত অব্যাহত আছে বন্যপ্ৰাণীৰ সন্ত্ৰাস। এইবাৰ বনৰীয়া ম’হৰ আক্ৰমণত মৃত্যু হৈছে এগৰাকী মহিলাৰ। গুৱাহাটী মহানগৰীৰ সমীপৱৰ্তী কাজিৰঙাত সংঘটিত হৈছে এই ঘটনা।
ম’হৰ আক্ৰমণত মৃত্যু হোৱা মহিলাগৰাকী সোণাপুৰৰ লক্ষেশ্বৰী মূৰাৰী বুলি চিনাক্ত কৰা হৈছে। মহিলাগৰাকীয়ে চাংসাৰীস্থিত তুলসী ভূজিয়া কোম্পানীত কৰ্মৰত আছিল। কৰ্মসূত্ৰে তেওঁ চাংসাৰী কাটামূৰত ভাড়াতীয়া হিচাপে আছিল।
জানিব পৰা মতে, চাংসাৰী কৰৈবাৰী নলাত আৱদ্ধ হৈ থকা এটা বনৰীয়া হাতীৰ আক্ৰমণৰ ফলতেই মহিলাগৰাকীৰ মৃত্যু হয়।
ইফালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এটা গঁড়ৰ আক্ৰমণত মৃত্যু হৈছে এজন কৃষকৰ। মৃত কৃষকজনক ৩০ বছৰীয়া ওমৰাম গনক বুলি চিনাক্ত কৰা হৈছে। তেওঁ ২ নং কঁহৰাৰ মহপাৰা গাঁৱৰ বাসিন্দা আছিল।