১. বাঁহী আলোচনীখন প্ৰথম কেতিয়া প্ৰকাশ কৰা হৈছিল?
উ: ১৯০৯ চনত
২. প্ৰথম অসমীয়া নাটকখনৰ নাম কি আছিল?
উ: চিহ্নযাত্ৰা
৩. চোৰধৰা অংকীয়া নাটখন কোনে ৰচনা কৰিছিল?
উ: মাধৱদেৱ
৪. বাল্মিকীৰ ৰামায়ণ অসমীয়ালৈ কোনে ৰচনা কৰিছিল?
উ: মাধৱ কন্দলি
৫. প্ৰথম অসনীয়া ছনেট পুথিখনৰ নাম কি আছিল?
উ: মালচ
৬. অসম সাহিত্য সভাৰ প্ৰথম সভাপতি গৰাকীৰ নাম কি?
উ: পদ্মনাথ গোহাঞি বৰুৱা
৭. প্ৰথম অসমীয়া বাতৰিকাকতখন কিমান চনত প্ৰকাশ পাইছিল?
উ: ১৮৪৬ চনত
৮. অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল?
উ: নলিনীৱালা দেৱী
৯. অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?
উ: যোৰহাট (যোৰহাটৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱনত)
১০. অসম সাহিত্য সভাৰ আদৰণি গীতটিৰ নাম কি আৰু এই গীতটি কোনে ৰচনা কৰিছিল?
উ: চিৰ চেনেহী মোৰ ভাষা জননী আৰু এই গীতটি মিত্ৰদেৱ মহন্তই ৰচনা কৰিছিল।
১১. অসম সাহিত্য সভাৰ উদ্যোগত প্ৰকাশ হোৱা অসমীয়া অভিধানখনৰ নাম কি?
উ: চন্দ্ৰকান্ত অভিধান
১২. প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি আছিল?
উ: ল’ৰাবন্ধু
১৩. প্ৰথম অসমীয়া মহিলা আলোচনীখনৰ নাম কি?
উ: ঘৰ জেউতি
১৪. প্ৰথম অসমীয়া চুটি গল্পটোৰ নাম কি?
উ: লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ দ্বাৰা ৰচিত সেউতি
১৫. প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক কোন?
উ: যতীন্দ্ৰ নাথ দুৱৰা