কেতিয়াবা কিছুমান দুষ্ট ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰি ফল সোনকালে পকাব পাৰি। কিন্তু এতিয়াৰ পৰা যদি বজাৰত বিক্ৰী হোৱা ফল-মূল ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰি পকোৱা হয়, তেন্তে অভিযুক্তসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানদণ্ড কৰ্তৃপক্ষই স্পষ্ট কৰি দিয়ে যে, ফল সোনকালে পকিবলৈ কোনোধৰণৰ ৰাসায়নিক দ্ৰব্যৰ ব্যৱহাৰৰ অনুমতি দিয়া নহ’ব। FSSAI য়ে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক কঠোৰ পৰিদৰ্শন কৰিবলৈ নিৰ্দেশ দিছে। আজিকালি দেশত আমৰ বতৰ চলি থকাৰ বাবে ইয়াক ৰন্ধা-বঢ়াৰ বাবে ব্যাপকভাৱে ব্যৱহাৰ কৰা হয়।
পকা ফল-মূলত অবৈধ ৰাসায়নিক পদাৰ্থ আৰু নকল আৱৰণৰ ব্যৱহাৰৰ ক্ষেত্ৰত কঠোৰ সতৰ্কতা অৱলম্বন কৰি বিশেষ পৰিদৰ্শন অভিযান চলাবলৈ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক FSSAI য়ে জনায়।
FSSAI এ বিশেষভাৱে পুনৰবাৰ উল্লেখ কৰিছে যে কেলচিয়াম কাৰ্বাইড ব্যৱহাৰৰ ওপৰত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে। আপেল, আম, কলৰ দৰে ফলবোৰ সোনকালে পকিবলৈ এই ৰাসায়নিক পদাৰ্থ প্ৰায়ে ব্যৱহাৰ কৰা হয়, যদিও ই স্বাস্থ্যৰ বাবে ডাঙৰ বিপদৰ সৃষ্টি কৰে। ইয়াৰ ফলত মুখৰ আলচাৰ, পেটৰ বিষ, আনকি কেন্সাৰও হ’ব পাৰে।
FSSAI য়ে ৰাজ্যসমূহক মাণ্ডী, বজাৰ, গুদাম আৰু মজুতকৰণৰ কঠোৰ পৰিদৰ্শন কৰিবলৈ কয়। বিশেষকৈ য’ত এনে ৰাসায়নিক পদাৰ্থ ব্যৱহাৰৰ সম্ভাৱনা থাকে। যদি কোনো ঠাইত কেলচিয়াম কাৰ্বাইড পোৱা যায়, তেন্তে ইয়াক প্ৰমাণ হিচাপে বিবেচনা কৰি সংশ্লিষ্ট ফল ব্যৱসায়ীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব পাৰি।
লগতে কোনো কোনো ঠাইত ফলমূল বিক্ৰেতাই কল আৰু অন্যান্য ফলক পোনপটীয়াকৈ ইথেফন নামৰ ৰাসায়নিক পদাৰ্থত ডুবাই পকাবলৈ চেষ্টা কৰে, যি নিয়মৰ বিৰুদ্ধে। FSSAI য়ে স্পষ্ট কৰিছে যে ইথেফন ব্যৱহাৰ কৰি কেৱল ইথিলিন গেছ তৈয়াৰ কৰিব পাৰি, সেইটোও নিৰ্ধাৰিত পদ্ধতিৰ অধীনত।
সেয়ে সকলো ফলমূল বিক্ৰেতাক নিয়ম অনুসৰিহে ফল পকাবলৈ সকীয়াই দিয়া হৈছে নহ’লে FSS Act ২০০৬ৰ অধীনত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
ইয়াৰোপৰি গ্ৰাহক আৰু ব্যৱসায়ীসকলক সতৰ্ক হৈ থাকিবলৈ আৰু কেৱল নিৰাপদ আৰু সঠিকভাৱে পকা ফল বজাৰত বিক্ৰী হোৱাটো নিশ্চিত কৰিবলৈ FSSAI য়ে আহ্বান জনাইছে।