আজি ২ অক্টোবৰ। জাতিৰ পিতা-মহামানৱ মহাত্মা গান্ধীৰ জন্ম বাৰ্ষিকী। সেয়েহে এই দিনটোক গান্ধী জয়ন্তী হিচাপে জনা যায়।
মহাত্মা গান্ধীৰ জন্ম হৈছিল ১৮৬৯ চনৰ ২ অক্টোবৰত।তেওঁৰ প্ৰকৃত নাম আছিল মোহন দাস কৰম চান্দ গান্ধী।
এই পৱিত্ৰ দিনটোত মহামানৱ মহাত্মা গান্ধীৰ প্ৰতি সন্মান তথা শ্ৰদ্ধা জনাই সমগ্ৰ দেশজুৰি পালন কৰা হয় গান্ধী জয়ন্তী। মহাত্মা গান্ধীয়ে কৈছিল অহিংসাই পৰম ধৰ্ম। দেশক স্বাধীনতা দিয়াৰ অৰ্থে গান্ধীয়ে অহিংসাৰ পথ অৱলম্বন কৰিছিল।
সত্য আৰু অহিংসাৰ পূজাৰী জাতিৰ পিতাক তেওঁৰ এই জন্মদিনটোত দেশজুৰি সোঁৱৰণ কৰা হৈছে। ভাৰতৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া বহু নেতাৰ ভিতৰত গান্ধী ভাৰতক স্বাধীনতাৰ সোৱাদ দিয়া নিজৰ মতাদৰ্শ, দৰ্শন, সংগ্ৰাম, দৃঢ়তাৰ বাবে অন্যতম বিশিষ্ট ব্যক্তি হিচাপে পৰিচিত।
গান্ধী জয়ন্তী উপলক্ষে দিল্লীৰ ৰাজঘাটত বাপুজীক শ্ৰদ্ধাঞ্জলি জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। গান্ধী জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱাই দিল্লীৰ ৰাজঘাটত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
সমগ্ৰ দেশৰ লগতে অসমতো ৰাজ্য চৰকাৰৰ উদ্যোগত এই পবিত্ৰ দিৱসটি পালন কৰা হয়। বিভিন্ন কাৰ্য্যসূচীৰে পালন কৰা হ’ব আজিৰ এই দিৱসটি। গুৱাহাটীৰ গান্ধী মণ্ডপত আয়োজন কৰা হৈছে বিশেষ কাৰ্যসূচীৰ। আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গান্ধী জয়ন্তী উপলক্ষে মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত সন্মান জনাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।