ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটো বহুকেইটা ঘটনাৰে লিপিবদ্ধ হৈ আছে। জানো আহক ইতিহাসৰ পাতত নথীভুক্ত হৈ থকা বহু ঘটনাৰ বিশেষত্বৰ বিষয়ে-
১৭৩৭- ভূপালত যুদ্ধ সংঘটিত হয় য’ত মাৰাঠাই মোগল সাম্ৰাজ্যৰ সংযুক্ত বাহিনী, জয়পুৰৰ ৰাজপুত, হায়দৰাবাদৰ নিজাম, আৱধৰ নবাব, বংগৰ নবাবক পৰাস্ত কৰে।
১৮১৪- বেলজিয়ামত আমেৰিকা আৰু যুক্তৰাজ্যৰ প্ৰতিনিধিয়ে গেণ্ট সন্ধি স্বাক্ষৰ কৰি ১৮১২ চনৰ যুদ্ধৰ অন্ত পেলায়।
১৮৬৫- আমেৰিকাৰ টেনেচিত ছয়জন প্ৰাক্তন কনফেডাৰেট সেনা বিষয়াই বৰ্ণবাদী ঘৃণামূলক গোট কু ক্লাক্স ক্লান (KKK) গঠন কৰে।
১৮৭৭- থমাছ আলভা এডিছনে ফ’ন’গ্ৰাফৰ পেটেণ্ট দাখিল কৰে।
১৯৩৬- প্ৰথমবাৰৰ বাবে তেজস্ক্রিয় আইছ’ট’প ঔষধ প্রদান কৰা হয়৷
১৯৪৩- জেনেৰেল আইজেনহাৱাৰক আমেৰিকাৰ ৰাষ্ট্ৰপতি ফ্ৰেংকলিন ডি ৰুজভেল্টৰ দ্বাৰা মিত্ৰশক্তিৰ উচ্চতম সেনাধ্যক্ষ হিচাপে নিযুক্তি দিয়া হয়।
১৯৭৯- কমিউনিষ্ট শাসন ব্যৱস্থাক সহায় কৰিবলৈ ছোভিয়েট ইউনিয়নে আফগানিস্তান আক্ৰমণ কৰে, যাৰ ফলত দশকজোৰা ছোভিয়েট-আফগান যুদ্ধৰ আৰম্ভণি হয়।
১৯৯৯- নেপালৰ পৰা ভাৰতলৈ গৈ থকা ইণ্ডিয়ান এয়াৰলাইন্সৰ বিমান ৮১৪খন পাকিস্তানী সন্ত্ৰাসবাদীয়ে অপহৰণ কৰি আফগানিস্তানৰ কন্দহাৰলৈ লৈ যায়। এসপ্তাহ ধৰি চলি থকা পণবন্দী সংকটৰ অন্ত পৰে যেতিয়া ভাৰতে কাৰাবন্দী ইছলামিক সন্ত্ৰাসবাদী আহমেদ ওমৰ, ছৈয়দ শ্বেখ, মাছুদ আজহাৰ, আৰু মুস্তাক আহমেদ জাৰগাৰক মুকলি কৰি দিয়ে।










