কৃষক নেতা আৰু কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ মাজত নূন্যতম সমৰ্থন মূল্য চমুকৈ এম এছ পি আৰু অন্যান্য বিষয়ক লৈ অনুষ্ঠিত হোৱা বৈঠকৰ অন্ত পৰে। বৈঠকৰ অন্তত শিৱৰাজ সিং চৌহানে কয় যে আজি আমাৰ আলোচনা দুয়োটা কৃষক সংগঠনৰ মাজত অতি ভাল পৰিবেশত সংঘটিত হয়। পৰৱৰ্তী বৈঠক ১৯ মাৰ্চত চণ্ডীগড়ত অনুষ্ঠিত হ’ব।
শিৱৰাজ সিঙৰ উপৰি চৰকাৰৰ হৈ এই বৈঠকত অংশ লয় পীযুষ গোয়েল আৰু প্ৰহ্লাদ যোশীয়ে।
বৈঠক সন্দৰ্ভত এজন কৃষক নেতাই কয় যে এম এছ পিৰ ওপৰত আলোচনা হৈছে। তথ্য দেখুওৱা হৈছে, ইয়াক ভিত্তি হিচাপে লোৱা হৈছে আৰু এয়া চৰকাৰক জনোৱা হ’ব। দুয়ো পক্ষৰ মাজত ভাল আলোচনা হৈছে। অৱশ্যে এই আলোচনা কেৱল এম এছ পিৰ বিষয়েহে আছিল।
উল্লেখ্য যে, কৃষক গোটসমূহে মাত্ৰ এটা দাবী কৰিছিল যে এম এছ পিক আইনী নিশ্চয়তা দিব লাগে। এই বৈঠকত তিনিওজন মন্ত্ৰীয়ে দীৰ্ঘদিন ধৰি অনশন কৰি থকা জগজিৎ সিং দলেৱালৰ অনশন ভংগ কৰাৰ অনুৰোধ জনাই যদিও সমস্যা সমাধান নোহোৱালৈকে অনশন শেষ নহ’ব বুলি কয়।