শীতকাল আৰম্ভ হোৱাৰ লগে লগে বহুসংখ্যক লোকে স্নান কৰাটো বন্ধ কৰে। ঠাণ্ডা পানী আৰু শীতল বটাহে তেওঁলোকক গা ধোৱাৰ পৰা আঁতৰাই ৰাখে। কিছুমানে এদিন এৰি এদিন গা ধোৱে যদিও আন কিছুমানে আকৌ এক সপ্তাহ পৰ্যন্ত গা ধুৱলৈ পাহৰি যায়।
যদি আপুনিও শীতকালত গা ধোৱাৰ ক্ষেত্ৰত অসাৱধান হৈ থকাসকলৰ মাজৰ এজন, তেন্তে একেৰাহে ৭ দিনলৈ স্নান নকৰিলে ইয়ে আমাৰ শৰীৰ আৰু ছালত কি প্ৰভাৱ পেলাব পাৰে সেয়া জনাটো অতি গুৰুত্বপূৰ্ণ।
- ছালৰ সমস্যা
৭ দিন স্নান নকৰিলে ছালৰ সমস্যাৰ সৃষ্টি হব পাৰে। শৰীৰৰ ছ’ডিয়াম আৰু মলিয়েও ছালত বিৰক্তিকৰ কৰি একজিমা বা চ’ৰিয়াচিছৰ দৰে অৱস্থা আৰু বেয়া কৰি তুলিব পাৰে বা খজুৱতিৰ সৃষ্টি কৰিব পাৰে।
বহুদিনলৈ গা নোধোলে বেক্টেৰিয়া আৰু তেল জমা হোৱাৰ বাবেও ছালৰ সংক্ৰমণ হ’ব পাৰে। ছালৰ কোষবোৰেও বংশবৃদ্ধি কৰে, পুৰণি কোষবোৰ নষ্ট হৈ নতুন কোষৰ সৃষ্টি হ’ব পাৰে। গা ধুব নোৱাৰিলে ছালৰ মৃত কোষ জমা হ’ব পাৰে, যাৰ ফলত হাইপাৰপিগমেণ্টেচন হ’ব পাৰে।
- শীতকালীন ৰোগৰ সম্ভাৱনা বৃদ্ধি
শীতকালত গা নোধোৱাটোৱে মলি আৰু বেক্টেৰিয়া জমা কৰি শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল কৰি তুলিব পাৰে। ইয়াৰ ফলত ভেঁকুৰৰ সংক্ৰমণ, ছালৰ ফোহা, মূৰৰ ছালৰ সমস্যা আদিৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। তদুপৰি গা নোধোৱাটোৱে শৰীৰৰ স্বাভাৱিক পৰিষ্কাৰ-পৰিচ্ছন্নতা প্ৰক্ৰিয়াত ব্যাঘাত জন্মায়, যাৰ ফলত ভাগৰুৱা, গধুৰতা, অলসতা আদি হ’ব পাৰে।











