বিগত কেইটামান দশকত ডিম্বাণু সংৰক্ষণৰ ধাৰণাটো দ্ৰুতগতিত গ্ৰহণ কৰা হৈছে। শেহতীয়াকৈ ‘হিউমেনছ অৱ বম্বে’ৰ চিইঅ’ কৰিশ্মা মেহতাই কয় যে, তেওঁ নিজৰ ডিম্বাণু সংৰক্ষণৰ সিদ্ধান্ত লৈছে।
মেহতাই ছ’চিয়েল মিডিয়াৰ কয় যে, তেওঁ নিজৰ ডিম্বাণু সংৰক্ষণৰ সিদ্ধান্ত লৈছে। যদি বিবাহিত দম্পতীয়ে ল’ৰা-ছোৱালীৰ বাবে পৰিকল্পনা কৰিব পাৰে তেন্তে সেয়া বৰ ভাল। কিন্তু যেতিয়া আপুনি অবিবাহিত হয়, তেতিয়া গৰ্ভধাৰণৰ ক্ষেত্ৰত সমস্যা সৃষ্টি হোৱাৰ সম্ভাৱনা অধিকতৰ হয়।
৩২ বছৰীয়া কৰিশ্মা মেহতাই আৰু কয় যে, এয়া এক বৈজ্ঞানিক সত্য যে ৩৫ বছৰ বয়সৰ পিছত প্ৰায়সংখ্যকৰে ডিম্বাণুৰ সংখ্যা কমি যায়। প্ৰাকৃতিকভাৱে গৰ্ভধাৰণৰ সম্ভাৱনা নিম্নগামী হয়। গতিকে যেতিয়াই কোনোবাই সন্তান জন্ম দিব বিচাৰে, তেতিয়াই ডিম্বাণু সংৰক্ষণ কৰাটো কেৱল এক বীমা পলিচিহে।
কৰিশ্মাৰ এই সিদ্ধান্তৰ ওপৰত চিন্তা-চৰ্চা কৰি বিশেষজ্ঞসকলে কয় যে, বিগত কেইবাটাও দশকত পৰিয়াল পৰিকল্পনাকে ধৰি জীৱনৰ ডাঙৰ ডাঙৰ সিদ্ধান্তৰ প্ৰতি মহিলাসকলৰ মনোভাৱৰ এক বৃহৎ পৰিৱৰ্তন ঘটিছে।
১৮ বছৰ বয়সত স্নাতক হোৱা, ১৯ বছৰ বয়সত বিবাহপাশত আবদ্ধ হোৱা আৰু তাৰ পিছত সোনকালে পৰিয়াল গঢ়ি তোলাৰ পৰম্পৰাগত সময়সীমা এতিয়া বহু মহিলাৰ বাবে প্ৰাসংগিক নহয়।
আজিকালি মহিলাই নিজৰ পথ নিৰ্ধাৰণ কৰিবলৈ অধিক ক্ষমতা লাভ কৰিছে, সেয়া লাগিলে কেৰিয়াৰ বিকাশত অগ্ৰাধিকাৰ দিয়ায়েই হওক বা বিবাহ আৰু সন্তান জন্ম দিয়াত বিলম্ব কৰায়েই হওক।
বিশেষজ্ঞসকলে লগতে কয় যে, বৃহৎ সংখ্যক মহিলাৰ বাবে ৩০ৰ পিছৰ জীৱনত গৰ্ভধাৰণ কৰাৰ ক্ষমতা ক্ৰমাৎ চিন্তাৰ বিষয় হৈ পৰে। কাৰণ বয়স বৃদ্ধিয়ে প্ৰজনন ক্ষমতাৰ মাত্ৰাত প্ৰভাৱ পেলাব পাৰে আৰু গৰ্ভধাৰণ ৰোধ কৰিব পাৰে।
প্ৰজনন ক্ষমতা সংৰক্ষণৰ কৌশল হিচাপে ডিম্বাণু সংৰক্ষণ বা অ’চাইট ক্ৰাইঅ’প্ৰিজাৰ্ভেচনে ভৱিষ্যতৰ গৰ্ভাৱস্থাৰ বাবে ডিম্বাণু সংৰক্ষণত সহায় কৰে।