উন্নত স্বাস্থ্যৰ বাবে পানী অতি প্ৰয়োজনীয়। কাৰণ আমাৰ শৰীৰটো ৭০ শতাংশ পানীৰে গঠিত। বহু সময়ত এনেকুৱা হয় যে, আমি শাৰীৰিকভাৱে অতি সক্ৰিয় কিন্তু সেই অনুযায়ী শৰীৰত পানীৰ যথেষ্ট অভাৱ।
বহু লোকে বহু সময়ত কৰ্মত ব্যস্ত হৈ পানী খাবলৈ সম্পূৰ্ণৰূপে পাহৰি যায়। উপযুক্ত পৰিমাণৰ পানী সেৱন নকৰিলে ভাগৰুৱা, মূৰৰ বিষ আনকি গুৰুতৰ স্বাস্থ্যজনিত সমস্যাও হ’ব পাৰে।
দৈনিক শৰীৰটোক হাইড্ৰেটেট কৰি ৰাখিবলৈ তলত দিয়া উপায়সমূহ অৱলম্বন কৰা উচিত-
- পানীৰ বটল এটা লগত ৰখা উচিত
অধিক পানী খোৱা আৰম্ভ কৰাৰ আটাইতকৈ সহজ উপায় হ’ল সকলো সময়তে পানীৰ বটল এটা নিজৰ লগত ৰখা। গোটেই দিনটোত কিমান পানী সেৱন কৰে, সেয়া জুখিবলৈ লগত এটা বটল ৰখা উচিত। ইয়াৰ দ্বাৰা আপুনি গম পাব যে, আপুনি দিনটোৰ ভিতৰত কিমান পানী গ্ৰহণ কৰিছে।
- হাইড্ৰেচন ৰিমাইণ্ডাৰ ছেট কৰক
কেতিয়াবা, আমি পানী খাবলৈ পাহৰি যাওঁ। কিন্তু নিজৰ ফোনত এটা ৰিমাইণ্ডাৰ ছেট কৰিলে বা হাইড্ৰেচন-ট্ৰেকিং এপ ব্যৱহাৰ কৰিলে ই আমাক নিয়মিতভাৱে পানী খাবলৈ প্ৰেৰণা দিব পাৰে। প্ৰতি ঘণ্টাত এলাৰ্ম ছেট কৰিবলৈ চেষ্টা কৰিব লাগে বা হাইড্ৰেট কৰাৰ সময় হ’লে এটা জাননী প্ৰেৰণ কৰা এপ ব্যৱহাৰ কৰা উচিত।
- ফলৰ ৰস
যদি আমি সাধাৰণ পানী খাব নোৱাৰে, তেন্তে ইয়াৰ সোৱাদ প্ৰাকৃতিকভাৱে বৃদ্ধি কৰিব পাৰে। নিজে সেৱন কৰা পানীত নেমু, শস্য বা জামুৰ দৰে সতেজ ফল দিব পাৰো। পদিনা আৰু তুলসীৰ দৰে বনৌষধিয়েও কৃত্ৰিম সতেজ সোৱাদ দিব পাৰে।
- প্ৰতি আহাৰত এগিলাচ পানীগ্ৰহণ
প্ৰতিসাজ আহাৰ গ্ৰহণ কৰাৰ পূৰ্বে এগিলাচ পানী খোৱাটো এটা ভাল অভ্যাস। ই কেৱল হাইড্ৰেচনত সহায় কৰাই নহয়, হজম শক্তিতো সহায় কৰিব পাৰে। লগতে ই অতিমাত্ৰা খাদ্যগ্ৰহণ কৰাৰ পৰা ৰোধ কৰি আমাৰ পেট ভৰাই তোলে।
- পানী সমৃদ্ধ খাদ্য সামগ্ৰী খাব লাগে
বিশেষকৈ যদি আমাৰ পানী খাবলৈ অসুবিধা হয়, তেন্তে তৰমুজ, শসা, কমলা আৰু বিলাহীৰ দৰে ফল-মূলত পানীৰ পৰিমাণ বেছি আৰু ই আপোনাৰ উন্নত জীৱনশৈলীত অৰিহণা যোগাব পাৰে। এইবোৰ আমাৰ খাদ্য খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিলে আমাৰ শৰীৰটো হাইড্ৰেটেড হৈ থাকিব পাৰে।