তুলসীৰ পানী ১০ দিন ধৰি অবিৰতভাৱে সেৱন কৰে, ই আমাৰ শৰীৰতো যোগাত্মক পৰিৱৰ্তন আনিব। প্ৰথমে ইয়াৰ উপকাৰিতাৰ বিষয়ে বিশেষজ্ঞসকলৰ পৰা জানো আহক-
- ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰা
তুলসীৰ এন্টি-ভাইৰেল, এন্টি-বেক্টেৰিয়েল আৰু এন্টি-ফাংগেল গুণ আছে। ই আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। চৰ্দি, কাহ, জ্বৰ আদি ঋতুভিত্তিক ৰোগৰ পৰা ৰক্ষা কৰাত সহায় কৰে।
- মানসিক চাপ আৰু উদ্বেগ হ্ৰাস কৰা
তুলসীয়ে মানসিক চাপ আৰু মানসিক ক্লান্তি কমোৱাত সহায় কৰে। যদি আমি মানসিক চাপ অনুভৱ কৰো, তেন্তে তুলসীৰ পানী সেৱনে আমাক মানসিক শান্তি দিব পাৰে। নিয়মিতভাৱে গ্ৰহণ কৰিলে মগজুও সক্ৰিয় হৈ থাকে।
- সুস্থ পাচনতন্ত্ৰ
তুলসী সেৱন কৰাটোও পেটৰ বাবে অতি উপকাৰী। ই হজম শক্তি সুস্থ কৰি ৰাখে আৰু পেটৰ গেছ, জ্বলা-পোৰা, বদহজম বা কোষ্ঠকাঠিন্য আদি সমস্যা দূৰ কৰে। খালী পেটত তুলসীৰ পাত খালে পেটত এচিডৰ ভাৰসাম্য বজাই ৰাখে।
- হৃদযন্ত্ৰৰ স্বাস্থ্যৰ উন্নতি
উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত তুলসী সহায়ক। ই ৰক্তবাহী নলী বহল কৰি ৰক্ত সঞ্চালন উন্নত কৰে। লগতে কলেষ্টেৰল আৰু ট্ৰাইগ্লিচাৰাইডৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে। ইয়াৰ ফলত হৃদৰোগৰ সম্ভাৱনা কম হয়।
- ছাল আৰু চুলিৰ যতন
তুলসীৰ পাতত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট আৰু ভিটামিন চি থাকে। ই ছালখনক উজ্জ্বল আৰু সুস্থ কৰি ৰখাত সহায় কৰে। ই দাগ আৰু পিম্পল কমোৱাত সহায় কৰে। চুলিৰ বাবেও উপকাৰী।
কেনেকৈ ব্যৱহাৰ কৰিব লাগে-
- ১০ দিন প্ৰতিদিনে তুলসীৰ পানী খাব লাগে।
- তুলসীৰ পাত ৰাতি তিয়াই ৰাতিপুৱা খাব লাগে।
- তুলসীৰ চাহো যথেষ্ট উপকাৰী।