আমাৰ শৰীৰটোক ৰোগমুক্ত কৰি ৰাখিবলৈ হলে স্বাস্থ্যসন্মত খাদ্যৰ লগতে দৈনিক ব্যায়ামৰ প্ৰয়োজন। ৰোগমুক্ত হৈ থাকিলে জীৱনটো সুন্দৰকৈ উপভোগ কৰিব পাৰি। পিছে আমি সুস্থ হৈ থাকিবলৈ হলে আমাৰ জীৱনশৈলীৰ ওপৰত গুৰুত্ব দিয়োটো অতিকৈ প্ৰয়োজনীয়।
শৰীৰ ৰোগমুক্ত কৰি ৰাখিবলৈ নিয়মিত ব্যায়াম তথা স্বাস্থ্যসন্মত খ্যাদ্যৰ লগতে সময়মতে টোপনি অহাটোও জৰুৰী। আমাৰ শৰীৰটোক সুস্থ আৰু সতেজ কৰি ৰখাৰ উপায়বোৰ হল-
- সময়মতে শুই উঠা– সুস্থ শৰীৰ এটাৰ অধিকাৰী হবলৈ ৰাতিপুৱা সোনকালে শুই উঠাটো অতি দৰকাৰী। তাৰ বাবে ৰাতি সোনকালে টোপনি মাৰিব লাগে। ইয়াৰ দ্বাৰা শৰীৰ সুস্থ হৈ থকাই নহয়, শৰীৰত কোনোধৰণৰ ৰোগৰ সমস্যাও নাথাকে।
- পৰ্যাপ্ত পানীসেৱন– প্ৰতিদিনে ৰাতিপুৱা শুই উঠি প্ৰচুৰ পৰিমাণে পানী সেৱন কৰিব লাগে। এই পানীয়ে শৰীৰটোক বিষমুক্ত কৰি ৰখাৰ লগতে শৰীৰত থকা বিষাক্ত পদাৰ্থবোৰ আঁতৰ কৰাটো সহায় কৰে। প্ৰতিদিনে ৰাতিপুৱা কুহুমীয়া পানী সেৱনে পেট সম্পৰ্কীয় বহু সমস্যাও লাঘৱ কৰে।
- নিয়মিত ব্যায়াম– শৰীৰটো সুস্থ কৰি ৰাখিবলৈ নিয়মিত ব্যায়াম কৰাটো অতি প্ৰয়োজনীয়। নিয়মিত ব্যায়ামে আমাৰ শৰীৰটোক সুস্থ কৰি ৰখাই নহয় মানসিকভাৱেও আমাক সুস্থ কৰি ৰাখে।
- শুকান ফলগ্ৰহণ– ৰাতিপুৱা পানী সেৱন কৰি উঠিয়েই খালী পেটত আখৰোট আৰু কাঠবাদাম খাব লাগে। ই শৰীৰত পুষ্টিকৰ উপাদান যোগান ধৰাৰ লগতে শৰীৰটোক সতেজ কৰি ৰাখে। যাৰ ফলত, হৃদযন্ত্ৰ, মন স্বাস্থ্যবান হৈ থাকে আৰু তেজ সঠিক পৰিমাণত চলাচল হৈ থাকে।
- হাঁহি– সদায় ৰাতিপুৱাটো হাঁহিমুখীয়া আৰু প্ৰফুল্লিত মনেৰে আৰম্ভ কৰিলে ই স্বাস্থ্যৰ পক্ষে যথেষ্ট লাভদায়ক।হাঁহিয়ে মানুহক সুখী কৰে । হাঁহিয়ে স্মৃতি শক্তি, বুদ্ধি- বিচাৰ আৰু সৃজনী শক্তিৰো বৃদ্ধি কৰে। হাঁহিয়ে মানসিক চাপ বৃদ্ধি কৰা হৰম’ন (Stress Hormone) – যেনে Cortisol, Epinephrine আদিৰ নি:সৰণ (Secretion) পৰিমাণ হ্ৰাস কৰে। ফলত মানসিক চাপ, বিৰক্তি, চিন্তা আৰু ডিপ্ৰেশ্যন দূৰ হয়। আনহাতে ই শৰীৰৰ বাবে উপকাৰী হৰম’ন যেনে- Oxytocin, Serotonin আদিৰ নি:সৰণৰ পৰিমাণ বৃদ্ধি কৰে।