বৰ্তমান সময়ত সমগ্ৰ বিশ্বতে মেদবহুলতাৰ সমস্যা মহামাৰীৰ দৰে বাঢ়িছে। পেটৰ অতিৰিক্ত চৰ্বিক লৈ মানুহৰ দুঃশ্চিন্তাৰ অন্ত নাই৷ বয়সৰ কোনো ব্যৱধান নথকাকৈ বিভিন্ন সময়ত মানুহৰ পেটত মেদ জমা হয় আৰু এই মেদবহুলতাই লিভাৰতো প্ৰভাৱ পেলাব পাৰে৷যাৰ বাবে লিভাৰে সঠিকভাৱে কাম কৰিব নোৱাৰা হৈ পৰে৷
শৰীৰৰ পৰা মেদ আঁতৰোৱাৰ উপায়বোৰ হ’ল-
পানী
পানীয়ে মাত্ৰ তৃষ্ণা দূৰ কৰাই নহয়, ই শৰীৰৰ পৰা বিষাক্ত উপাদানবিলাকো দূৰ কৰি ক্ষুধা নিয়ন্ত্ৰণত ৰাখে৷ পেটৰ মেদ কমোৱাৰ সহজলভ্য আৰু উৎকৃষ্ট উপাদান হ’ল পানী৷
আমলখিৰ ৰস
আমলখিৰ ৰসত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে, যাৰ ফলত শৰীৰৰ বিপাকীয় ক্ৰিয়া বৃদ্ধি পায়। ইয়াত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকে, যিয়ে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰোৱাৰ কাম কৰে। আমলখিৰ ৰস সেৱনে আমাৰ ছালখন সুস্থ কৰি ৰখাৰ লগতে শৰীৰৰ ওজন কমোৱাতো সহায় কৰে। ইয়াৰ ফলত চৰ্বি দহন প্ৰক্ৰিয়া দ্ৰুতগতিত বৃদ্ধি পায়।
গ্ৰীণ টি
শৰীৰৰ বিপাকৰ ক্ষেত্ৰত বেছ ফলপ্ৰসূ পানীয় হ’ল গ্ৰীণ টি৷ গ্ৰীণ টিয়ে মস্তিষ্ক সচল আৰু সতেজ কৰি ৰাখে লগতে কৰ্কটৰ আশংকা কমায়৷ চৰ্বি শোষণৰ মাত্ৰা কমোৱাত সহায় কৰে গ্ৰীণ টিয়ে৷ গ্ৰীণ টিৰ লগত আদা বা নেমু মিশ্ৰণ কৰি খাব পাৰি৷ এই পানীয় স্বাস্থ্যৰ কাৰণে বেছ উপকাৰী৷
নেমু পানী
নেমুত ছাইট্ৰিক এচিড পোৱা যায়৷ ই লিভাৰ সুস্থ কৰি ৰখাৰ লগতে টক্সিন দূৰ কৰাৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে৷ নেমুৱে শৰীৰৰ পৰা বিষাক্ত উপাদান দূৰ কৰি ওজন কমোৱাত বিশেষভাৱে সহায় কৰে৷ নেমু পানী পেটৰ চবি কমোৱাত কাৰ্যকৰী ভূমিকা গ্ৰহণ কৰে৷
নাৰিকলৰ পানী
নাৰিকলৰ পানীত সকলোধৰণৰ ভিটামিন আৰু খনিজ পদাৰ্থ থাকে৷ এইবিধ পানীয়ত কেল’ৰিৰ পৰিমাণ কম থাকে৷ ই পেটৰ চৰ্বি কমোৱাত ঔষধৰ দৰে কাম কৰে৷