ডায়েবেটিছ ৰোগে শৰীৰৰ প্ৰায় প্ৰতিটো অংশকেই আক্ৰান্ত কৰে। ই বৃক্কৰো ক্ষতি কৰিব পাৰে।বিশেষজ্ঞসকলৰ মতে, যেতিয়া মানুহৰ শৰীৰত চেনিৰ মাত্ৰা বৃদ্ধি পায় তেতিয়া বৃক্কত থকা সৰু সৰু ফিল্টাৰবোৰ প্ৰভাৱিত হয় আৰু সেইবোৰৰ ক্ষতি হ’বলৈ আৰম্ভ কৰে।
ইয়াৰ বাবে বৃক্কৰ কাৰ্য্যক্ষমতা কমি যাব পাৰে। একেদৰে চেনিৰ মাত্ৰা বৃদ্ধিয়ে নেফ্ৰনতো প্ৰভাৱ পেলায়, যিবোৰো হৈছে বৃক্কৰ ফিল্টাৰ।
যদি কোনো ব্যক্তিৰ শৰীৰত চেনিৰ মাত্ৰা প্ৰায়ে ২০০ ৰ ওপৰত থাকে, তেন্তে ই বৃক্কৰ স্নায়ুতো প্ৰভাৱ পেলায়। যাৰ বাবে বৃক্কৰ কাৰ্য্যক্ষমতা হ্ৰাস পাব পাৰে।
চেনিৰ মাত্ৰা বৃদ্ধি হ’লে অক্সিডেটিভ ষ্ট্ৰেছৰো সৃষ্টি হ’ব পাৰে, যাৰ ফলত বৃক্কৰ ফিল্টাৰিং ক্ষমতা হ্ৰাস পায়। বহু সময়ত দেখা যায় যে, দীৰ্ঘদিন ধৰি চেনিৰ মাত্ৰা বৃদ্ধি পালে এজন মানুহ বৃক্কৰ ৰোগী হৈ পৰে। ৫০ বছৰ বয়সৰ পিছত এনে ঘটনা বেছিকৈ দেখা যায়।
জিটিবি হাস্পতালৰ চিকিৎসক ডাঃ অজয় আগৰৱালাই কয় যে, ডায়েবেটিছ ৰোগীৰ বৃক্ক ৰোগ হোৱাৰ সম্ভাৱনা অধিক থাকে। এই কাৰণে চেনিৰ মাত্ৰা সদায় নিয়ন্ত্ৰণত ৰখাটো বাঞ্ছনীয়।
ডায়েবেটিছ ৰোগীয়ে সময়মতে ঔষধ সেৱন কৰা আৰু দৈনিক ব্যায়াম কৰাটো অতি প্ৰয়োজনীয়। প্ৰতিদিনে নিজৰ চেনিৰ মাত্ৰা পৰীক্ষা কৰা উচিত। যদি ই বৃদ্ধি পায়, তেন্তে নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ লোৱাৰ লগতে ইয়াক নিয়ন্ত্ৰণত ৰখাটো প্ৰয়োজন।
ডাঃ অজয়ে কয় যে, শৰীৰত চেনিৰ মাত্ৰা বৃদ্ধি হ’লে নিশ্চিতভাৱে বৃক্কৰ ক্ষতি হয়। কিছুমান ক্ষেত্ৰত ইয়াৰ গুৰুতৰ প্ৰভাৱ পৰিব পাৰে আৰু আনকি বৃক্ক ডায়েলাইছিছ হ’ব পাৰে। বহু সময়ত ডায়েবেটিছ ৰোগীয়ে ডায়েলাইছিছ কৰিব লগা হয়। সাধাৰণতে ৫০ বছৰৰ ওপৰৰ লোকৰ ক্ষেত্ৰত এনেকুৱা হয়।
চেনিৰ মাত্ৰা কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি-
- মিঠাই আৰু ময়দাৰ পৰা আঁতৰি থকা উচিত।
- দৈনিক ব্যায়াম কৰিব লাগে।
- সময়মতে ঔষধ খাব লাগে।
- মানসিক চাপৰ পৰা যিমান পাৰি আঁতৰি থাকিব লাগে।
- প্ৰয়োজনত চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।