চাকৰিয়ালসকলে বেছিভাগেই অফিচৰ কফি মেচিনৰ পৰাই দিনটো আৰম্ভ কৰে। ৰাতিপুৱাতেই হওক বা দুপৰীয়ায়েই হওক, বেছিভাগ মানুহেই অফিচৰ মেচিনৰ পৰা কফি খায়, কিন্তু ই আমাৰ স্বাস্থ্যৰ গুৰুতৰ ক্ষতিসাধন কৰিব পাৰে।
শেহতীয়াকৈ কৰা এক অধ্যয়নত এক নতুন গৱেষণাই এই চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰিছে। এই কফি আমাৰ স্বাস্থ্যৰ বাবে বিশেষকৈ আমাৰ হৃদযন্ত্ৰৰ বাবে ক্ষতিকাৰক বুলি প্ৰমাণিত হ’ব পাৰে। এনে পৰিস্থিতিত অফিচৰ মেচিনৰ পৰা কফি খোৱাৰ ফলত হোৱা ক্ষতিৰ বিষয়ে জনাটো জৰুৰী।
এই গৱেষণাত বিশেষজ্ঞসকলে ৪টা ভিন্ন কাৰ্যালয়ৰ পৰা ১৪টা কফি মেচিনৰ নমুনা লৈ বিশ্লেষণ কৰে। এই মেচিনবোৰত তিনি ধৰণৰ প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছিল। কিছুমানত ধাতুৰ ফিল্টাৰ থাকে, কিছুমানত লিকুইড কফি কনচেণ্ট্ৰেট ব্যৱহাৰ কৰা হয় আৰু কিছুমানত তৎক্ষণাত ফ্ৰীজত ঠাণ্ডা কফি ব্যৱহাৰ কৰা হয়।
পিছে ঘৰতে বনোৱা কফিৰ সৈতে তুলনা কৰিলে অফিচৰ কফি অস্বাস্থ্যৰ বুলি প্ৰমাণিত হয়।
ছুইডেনত কৰা এই অধ্যয়নৰ নিউট্ৰিচন, মেটাবলিজম এণ্ড কাৰ্ডিঅ’ভাস্কুলাৰ ডিজিজ নামৰ এখন আলোচনীত এই তথ্য প্ৰকাশ পাইছে। গৱেষণাৰ পৰা জানিব পৰা গৈছে যে অফিচৰ কফি মেচিনৰ পৰা পোৱা কফিত এনে কিছুমান উপাদান পোৱা যায়, যিয়ে শৰীৰত থকা ‘অনুপযোগী’ কলেষ্টেৰল অৰ্থাৎ এল ডি এল বৃদ্ধি কৰিব পাৰে। এই উপাদানসমূহৰ নাম হৈছে কেফেষ্টল আৰু কাহৱেল।
গৱেষণাৰ পৰা এইটোও দেখা গৈছে যে যদি মানুহে অফিচ কফিৰ সলনি পেপাৰ ফিল্টাৰ কফি সপ্তাহত মাত্ৰ তিনিবাৰকৈ খায়, তেন্তে তেওঁলোকৰ এল ডি এল কলেষ্টেৰলৰ মাত্ৰা ক্ৰমান্বয়ে হ্ৰাস পাব পাৰে।
চিকিৎসা বিশেষজ্ঞসকলে কয় যে, সুষম পৰিমাণত কফি খালে বহু উপকাৰ হয়। ইয়াৰ ফলত টাইপ ২ ডায়েবেটিছ, এলঝেইমাৰ আৰু লিভাৰ সম্পৰ্কীয় ৰোগৰ সম্ভাৱনা হ্ৰাস পাব পাৰে। এনে পৰিস্থিতিত ঘৰতে বনোৱা কফি সেৱন কৰি মেচিন কফিৰ পৰা আঁতৰি থাকি সুস্থ জীৱন যাপন কৰিব পাৰি।