গ্ৰীষ্মকালত উষ্ণতা বৃদ্ধি হোৱাৰ লগে লগে শৰীৰতো ইয়াৰ প্ৰভাৱ দেখা যায়। তাপ বৃদ্ধিৰ ফলত শৰীৰৰ উষ্ণতাৰ ভাৰসাম্যতা আৰু পানীৰ মাত্ৰা হ্ৰাস পোৱাৰ ফলত হিট ষ্ট্ৰ’ক আৰু ডিহাইড্ৰেচন হ’ব পাৰে।
এই দুয়োটায়েই অৱস্থাই গুৰুতৰ হ’ব পাৰে আৰু সময়মতে চিনাক্ত কৰি চিকিৎসা নকৰিলে মাৰাত্মকও হ’ব পাৰে। ইয়াৰ কিছুমান প্ৰধান লক্ষণৰ বিষয়ে জানো আহক-
হিট ষ্ট্ৰোকৰ লক্ষণসমূহ-
- তীব্ৰ জ্বৰ
- মূৰৰ বিষ
- শৰীৰৰ উষ্ণতা বৃদ্ধি
- ছালৰ ৰুক্ষতা বৃদ্ধি
গ্ৰীষ্মকালত বহুত ঘাম ওলোৱাটো সাধাৰণ কথা, কিন্তু হিট ষ্ট্ৰ’ক হ’লে শৰীৰৰ তাপ ইমানেই বাঢ়ি যায় যে ঘামো বন্ধ হৈ যায়। ইয়াৰ বাবে ছালখন শুকান, গৰম আৰু ৰঙা হৈ পৰে। ইয়াৰ ফলত শৰীৰত গুৰুতৰ ক্ষতিসাধন হয়।
ডিহাইড্ৰেচনৰ লক্ষণসমূহ-
- প্ৰস্ৰাৱ কমি যোৱা
প্ৰস্ৰাৱৰ পৰিমাণ কমিলে বা প্ৰস্ৰাৱৰ ৰং অস্বাভাৱিক হ’লে পানীলগা হোৱাৰ লক্ষণ হ’ব পাৰে। এই লক্ষণৰ পৰা বুজিব পাৰি যে শৰীৰত পানীৰ পৰিমাণ স্বাভাৱিকতকৈ বহু পৰিমাণে হ্ৰাস পাইছে।
- মূৰ ঘূৰোৱা আৰু ভাগৰুৱা হোৱা
ডিহাইড্ৰেচন হ’লে শৰীৰত পানীৰ অভাৱত ৰক্তচাপ কমি যায়, যাৰ ফলত মূৰ ঘূৰোৱা হ’ব পাৰে। অনবৰতে দুৰ্বল আৰু ভাগৰুৱা অনুভৱ কৰাটোও ইয়াৰ এটা অংশ। এনে পৰিস্থিতিত ব্যক্তিজনে ভাৰসাম্য হেৰুৱাব পাৰে আৰু আনকি অচেতনো হৈ পৰিব পাৰে।
হিট ষ্ট্ৰ’ক আৰু ডিহাইড্ৰেচনে দুয়োটায়েই ব্যক্তি এজনৰ মানসিক অৱস্থাতো প্ৰভাৱ পেলায়। যাৰ বাবে ব্যক্তিজন বিভ্ৰান্ত, খিংখিঙীয়া বা অলস হৈ পৰিব পাৰে। কেতিয়াবা ই চিন্তাশক্তিটো প্ৰভাৱ পেলায়।
সাৱধানতা-
- গ্ৰীষ্মকালত এই সমস্যাৰ পৰা হাত সাৰিবলৈ পানী আৰু তৰল পদাৰ্থ নিয়মিতভাৱে সেৱন কৰিব লাগে।
- দুপৰীয়াৰ প্ৰচণ্ড ৰ’দত বাহিৰলৈ ওলাই যোৱা পৰিহাৰ কৰিব লাগে।
- লঘু আৰু ঢিলা কাপোৰ পিন্ধি শৰীৰটো শীতল কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগে।
- যদি কোনো গুৰুতৰ লক্ষণ দেখা দিয়ে তেন্তে লগে লগে চিকিৎসকৰ সৈতে যোগাযোগ কৰিব লাগে।
- সঠিক সময়ত সাৱধানতা অৱলম্বন কৰিলে এই বিপদসমূহ সহজে পৰিহাৰ কৰিব পৰা যায়।