গ্ৰীষ্মকালত মানুহে ফ্ৰীজত পানীৰ বটল ৰাখিবলৈ আৰম্ভ কৰে। কিন্তু কিছুমান মানুহে মাটিৰ পাত্ৰৰ পৰাও পানী সেৱন কৰে। কিয়নো মাটিৰ পাত্ৰই প্ৰাকৃতিকভাৱে পানী শীতল কৰি ৰখাত সহায় কৰে আৰু বহু দিশত স্বাস্থ্যৰ বাবেও উপকাৰী বুলি বিবেচিত হয়।
একে সময়তে মাটিৰ পাত্ৰবোৰো সঠিকভাৱে চাফ-চিকুণ কৰি ৰখাৰ প্ৰয়োজন। কাৰণ বেছিদিনলৈ পাত্ৰটো পৰিষ্কাৰ নকৰিলে ইয়াত বেক্টেৰিয়া বাঢ়িবলৈ আৰম্ভ কৰে, যাৰ বাবে একেখিনি পানী সেৱন কৰিলে মানুহ অসুস্থ হ’ব পাৰে। সেয়ে নিয়মিতভাৱে মাটিৰ পাত্ৰটো চাফ-চিকুণ কৰাটো অতি প্ৰয়োজনীয়।
- নেমুৰ ব্যৱহাৰ
মাটিৰ পাত্ৰ পৰিষ্কাৰ কৰিবলৈ নেমু আৰু চাৰ্ফ ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ বাবে আধা বাল্টি গৰম পানীত নেমুৰ ৰস আৰু আধা চামুচ চাৰ্ফ দি ভালদৰে মিহলাই লব লাগিব। তাৰপিছত মাটিৰ পাত্ৰটো সেই মিশ্ৰণেৰে ঘঁহি পানীৰে চাফা কৰিব লাগে।
- বেকিং ছ’ডা আৰু ভিনেগাৰ
বেকিং ছ’ডাও মাটিৰ পাত্ৰ ছাফা কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ বাবে এটা বাটিত বেকিং ছ’ডা, নিমখ আৰু ভিনেগাৰৰ মিশ্ৰণ বনাই ল’ব লাগিব। ইয়াৰ পিছত স্ক্রাবাৰৰ সহায়ত এই মিশ্ৰণৰে মাটিৰ পাত্ৰটো ঘঁহি পৰিষ্কাৰ কৰি ল’ব লাগে। ইয়াৰ পিছত পাত্ৰটো পানীৰে ধুই ল’ব লাগিব।
- এলুমৰ ব্যৱহাৰ
মাটিৰ পাত্ৰবোৰ এলুমেৰেও চাফা কৰিব পাৰি। ইয়াৰ বাবে পাত্ৰটো পৰিষ্কাৰ পানীৰে ধুব লাগে। ইয়াৰ পিছত তাত এলুম এটুকুৰা দি কিছু সময় থৈ দিব লাগে। ইয়াৰ পিছত পৰিষ্কাৰ ব্ৰাছ এডাল লৈ ঘঁহি ঘঁহি পাত্ৰটো পৰিষ্কাৰ কৰি ৰ’দত ৰাখি শুকুৱাব লাগে। ইয়াৰ পিছত পাত্ৰটো পুনৰ পানীৰে ভৰাই কেইঘণ্টামান ৰাখিব লাগিব, তাৰ পিছত এই পানী পেলাই দিব।
যদি আপুনি প্ৰথমবাৰৰ বাবে মাটিৰ পাত্ৰ ব্যৱহাৰ কৰে, তেন্তে প্ৰথমে পানীত কমেও ১২ ঘণ্টা তিয়াই লৈ আৰু তাৰ পিছত নিমখ দি স্ক্ৰাবাৰেৰে পৰিষ্কাৰ কৰিব লাগিব। তাৰ পিছত চাফা পানীৰে ধুই তাত পানী ভৰাই দিব।
চাফ-চিকূণৰ লগতে ৬ৰ পৰা ৭ মাহৰ পিছত পাত্ৰটো সলনি কৰাটোও দৰকাৰ। লগতে বহুদিন ধৰি ৰখা পানী ব্যৱহাৰ কৰিবও লালাগে, তাৰ পৰিৱৰ্তে সময়ে সময়ে পানী সলনি কৰি থাকিব লাগিব। সেই পানী দুদিনৰ পৰা তিনিদিনৰ পাছতো সলনি কৰিব পাৰি। লগতে পাত্ৰটো সপ্তাহত এবাৰ হ’লেও বা ৭-১০ দিন পিছত এই পাত্ৰ চাফা কৰিব লাগে।