আমাৰ শৰীৰৰ বাবে বহুতো মেক্ৰ’নিউট্ৰিয়েণ্ট প্ৰয়োজনীয়, তাৰ ভিতৰত এটা হ’ল প্ৰ’টিন। প্ৰটিন বহুতো এমিনো এচিডৰ দ্বাৰা গঠিত যিয়ে শৰীৰত বিল্ডিং ব্লক হিচাপে কাম কৰে।
যদি আপুনি সুস্থ আৰু ফিট হৈ থাকিব বিচাৰে তেন্তে খাদ্যত প্ৰটিন অতি গুৰুত্বপূৰ্ণ। কিন্তু আমাৰ বেছিভাগেই খাদ্যৰ জৰিয়তে প্ৰটিনৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ সক্ষম নহয়। এনে পৰিস্থিতিত বেছিভাগ মানুহেই প্ৰটিনৰ পৰিপূৰক খাদ্যৰ আশ্ৰয় লয়।
শৰীৰৰ আৰোগ্যৰ বাবে ৱৰ্কআউটৰ পিছত খাব নে পেশীবোৰ সুস্থ কৰি তুলিবলৈ আগতে সেৱন কৰিব, তাকে লৈ মানুহ প্ৰায়ে বিভ্ৰান্ত হৈ থাকে।
ৱৰ্কআউটৰ আগতে বা পিছত প্ৰটিন শ্বেক খোৱাৰ সঠিক সময়ৰ ক্ষেত্ৰত কলকাতাস্থিত প্ৰেক্টো, লাইব্ৰেট বা এস্কাগ সঞ্জীৱনীৰ ডায়েটিচিয়ান আৰু নিউট্ৰিচনিষ্ট ডাঃ প্ৰেৰণা সোলাংকীয়ে সংবাদ মাধ্যমৰ সন্মুখত কৈছে যে, শৰীৰ গঢ়া লোকৰ বাবে প্ৰটিন অতি গুৰুত্বপূৰ্ণ আৰু তেওঁলোকক প্ৰতিদিনে স্বাভাৱিক লোকতকৈ অধিক প্ৰটিন গ্ৰহণৰ প্ৰয়োজন হয়। কিন্তু এটা কথা মনত ৰখা উচিত যে, প্ৰটিনৰ প্ৰয়োজনীয়তাৰ ৭০ৰ পৰা ৮০ শতাংশ খাদ্যৰ জৰিয়তে পূৰণ কৰিব লাগে আৰু বাকীখিনি পৰিপূৰক হিচাপে ল’ব পাৰে।
স্বাস্থ্য বিশেষজ্ঞসকলে স্পষ্টকৈ কয় যে, আমি ৱৰ্কআউট কৰাটো এটা শৰীৰৰ পক্ষে উপকাৰী যদিও ইয়াৰ লগতে খাদ্যৰ বিশেষ যত্ন লোৱা উচিত। ইয়াৰ বাহিৰেও যদি প্ৰটিন শ্বেকো যদি সেৱন কৰে, আছে, তেন্তে ৱৰ্কআউটৰ পিছত বা পূৰ্বতে গ্ৰহণ কৰিব লাগিব বুলি কোনো কথা নাই।
পেশী আৰু শৰীৰৰ আৰোগ্য লাভৰ বাবে প্ৰটিন অতি গুৰুত্বপূৰ্ণ। যদি আপুনি শৰীৰ অনুযায়ী খাদ্যৰ জৰিয়তে দৈনিক প্ৰটিন গ্ৰহণ পূৰণ কৰে, তেন্তে শ্বেকৰ জৰিয়তে প্ৰটিন গ্ৰহণ কৰাটো প্ৰয়োজনীয় নহয়। ৱৰ্কআউট কৰাসকলে প্ৰটিন গ্ৰহণ কৰাটো গুৰুত্বপূৰ্ণ যাতে পেশীৰ ক্ষতি নোহোৱাকৈ চৰ্বি কমি যায়।