ডিমেনচিয়া হৈছে মগজুৰ এক গুৰুতৰ ৰোগ যিয়ে ব্যক্তিৰ স্মৃতিশক্তি, চিন্তা ক্ষমতা আৰু সামাজিক আচৰণত প্ৰভাৱ পেলায়। আচলতে ই একক ৰোগ নহয় বৰঞ্চ মগজুৰ কোষৰ ক্ষতিৰ ফলত হোৱা লক্ষণৰ এটা গোট।
এলঝেইমাৰ ডিমেনচিয়াৰ আটাইতকৈ সাধাৰণ প্ৰকাৰ যদিও আন প্ৰকাৰ যেনে লেউই বডি ডিমেনচিয়া, ফ্ৰন্টোটেম্পৰেল ডিমেনচিয়া আৰু ভেছকুলাৰ ডিমেনচিয়াও আছে। কেতিয়াবা ৪০ বছৰ বয়সতো এই ৰোগ হ’ব পাৰে, যাক আগতীয়াকৈ আৰম্ভ হোৱা ডিমেনচিয়া বুলি কোৱা হয়। ইয়াক চিনাক্ত কৰাটো গুৰুত্বপূৰ্ণ যাতে সময়মতে চিকিৎসা আৰু জীৱনশৈলীৰ উন্নতি সাধন কৰিব পৰা যায়।
প্ৰথম আৰু আটাইতকৈ সাধাৰণ লক্ষণ হ’ল সঘনাই কথাবোৰ পাহৰি যোৱা। ৰোগীয়ে জন্মদিন বা বাৰ্ষিকীৰ দৰে বিশেষ দিনবোৰ পাহৰিবলৈ আৰম্ভ কৰে। যদি এই লক্ষণসমূহ ৪০ বা ৫০ বছৰ বয়সত দেখা যায়, তেন্তে সজাগ হ’ব লাগে।ইয়াৰ লক্ষণবোৰ হ’ল-
- দৈনন্দিন কামত অসুবিধা
ডিমেনচিয়া ৰোগী এজনে সাধাৰণ কাম, যেনে ৰন্ধা-বঢ়া, ফোন ব্যৱহাৰ কৰা বা নিৰ্দেশনা মনত ৰখা আদি কামবোৰ কৰিবলৈও অসুবিধা পাব পাৰে। ইতিমধ্যে শিকি অহা কামবোৰ কৰাটো তেওঁৰ বাবে কঠিন হৈ পৰে।
- মেজাজ আৰু স্বভাৱ সলনি হোৱা
কোনো কাৰণ নোহোৱাকৈ ৰোগীৰ মেজাজ সঘনাই সলনি হ’ব পাৰে। তেওঁ দুখ, খিংখিঙীয়া বা ভয় অনুভৱ কৰিব পাৰে। বিশেষকৈ মহিলাৰ ক্ষেত্ৰত এই লক্ষণ বেছি দেখা যায়।
- বস্তু হেৰুওৱা
ডিমেনচিয়া ৰোগত আক্ৰান্ত লোকসকলে প্ৰায়ে নিজৰ বস্তুবোৰ ইফালে সিফালে ৰখাৰ পিছত পাহৰি যায়। এনে পৰিস্থিতিত বহু সময়ত তেওঁ আনৰ বিৰুদ্ধে চুৰিৰ অভিযোগ উত্থাপন কৰিবলৈ আৰম্ভ কৰে।
- সময় আৰু স্থানৰ বিষয়ে বিভ্ৰান্তি
ৰোগীয়ে সময় আৰু স্থান চিনাত অসুবিধাৰ সৃষ্টি হয়। তেওঁ হয়তো পাহৰি যাব পাৰে যে তেওঁ ক’ত আছে, তেওঁ কি কৰি আছে বা তেওঁ কেনেকৈ তাত উপনীত হ’ল।
ডিমেনচিয়া লাহে লাহে আগবাঢ়ি যায় যদিও আগতীয়াকৈ ধৰা পৰিলে ইয়াৰ প্ৰভাৱ বহু পৰিমাণে হ্ৰাস পাব পাৰে। যদি ওপৰত উল্লেখ কৰা কোনো লক্ষণ ৪০ বছৰ বয়সৰ পিছতো থাকে তেন্তে চিকিৎসকৰ পৰামৰ্শ লোৱাটো গুৰুত্বপূৰ্ণ।
যদিও ডিমেনচিয়াৰ কোনো স্থায়ী নিৰাময় নাই, তথাপিও সময়মতে চিকিৎসা, মগজুৰ ব্যায়াম, ভাল খাদ্য আৰু সামাজিক কাৰ্য্যকলাপৰ দ্বাৰা ইয়াৰ প্ৰভাৱ কমাব পাৰি। স্মৃতিশক্তি বৃদ্ধি কৰা খেল, সংগীত আৰু মগজুৰ ব্যায়াম আদিও ইয়াৰ সহায়ক হ’ব পাৰে।












