গ্ৰীষ্মকালত বহু ধৰণৰ স্বাস্থ্যজনিত সমস্যাৰ আশংকা থাকে। মূলতঃ এই ঋতুত চকুৰ সংক্ৰমণৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পায়। প্ৰবল সূৰ্যৰ পোহৰ, ধূলি, ঘাম আৰু সংক্ৰমণ সৃষ্টিকাৰী ভাইৰাছ আৰু বেক্টেৰিয়াই একেলগে চকুৰ ক্ষতি কৰিব পাৰে। গ্ৰীষ্মকালত চকুৰ সংক্ৰমণৰ সম্ভাৱনা বাঢ়ে। এই বিষয়ে আমি ভালদৰে জানো আহক-
- প্ৰবল সূৰ্যৰ পোহৰ আৰু UV ৰশ্মি
সূৰ্য্যৰ প্ৰবল ৰশ্মিয়ে চকুৰ সুক্ষ্ম ছাল আৰু ৰেটিনাৰ ক্ষতি কৰিব পাৰে। দীৰ্ঘদিন ধৰি UV ৰশ্মিৰ সংস্পৰ্শলৈ আহিলে চকুৰ বিষ, শুকান আৰু সংক্ৰমণ হ’ব পাৰে।
- ধূলি আৰু প্ৰদূষণ
গ্ৰীষ্মকালত বতাহত উৰি থকা ধূলি আৰু মলি চকুত প্ৰৱেশ কৰি বিৰক্তি, খজুৱতি আৰু ৰঙা পৰাৰ সৃষ্টি কৰিব পাৰে, যাৰ ফলত কনজাংটিভাইটিছ বা এলাৰ্জি প্ৰতিক্ৰিয়াৰ সৃষ্টি হ’ব পাৰে।
- ঘাম আৰু লেতেৰা হাতেৰে স্পৰ্শ কৰা
গ্ৰীষ্মকালত ঘামৰ বাবে আমি প্ৰায়ে হাত নোধোৱাকৈ চকুত চুই চাওঁ, যাৰ বাবে বেক্টেৰিয়া বা ভাইৰাছ চকুত পৰে।
- দূষিত পানীৰ ব্যৱহাৰ
গৰমৰ দিনত সাঁতোৰ অধিক সাধাৰণ হৈ পৰে, আৰু ক্ল’ৰিনেটেড বা দূষিত পানী চকুত প্ৰৱেশ কৰি চকুৰ সংক্ৰমণৰ সৃষ্টি কৰিব পাৰে।
সংক্ৰমণৰ পৰা চকু কেনেকৈ সুৰক্ষিত ৰাখিব পাৰি-
- UV protection থকা চশমাই চকুক সূৰ্যৰ পোহৰ আৰু ধূলিৰ পৰা ৰক্ষা কৰে। সংক্ৰমণ আৰু ক্লান্তিৰ পৰাও সকাহ দিয়ে।
- হাত নোধোৱাকৈ চকু স্পৰ্শ বা ঘঁহিলে সংক্ৰমণ বিয়পি পৰাৰ এটা প্ৰধান কাৰণ।
- দিনে ২-৩ বাৰ পৰিষ্কাৰ ঠাণ্ডা পানীৰে চকু ধুলে সতেজ হয় আৰু লগতে মলিও আঁতৰ হয়।
- আন কাৰোবাৰ ৰুমাল, টাৱেল বা কাজল ব্যৱহাৰ কৰিব নালাগে। ইয়াৰ ফলত বেক্টেৰিয়া বিয়পে।
- মোবাইল বা লেপটপত বহু সময় চাই থাকিলে চকু শুকাই যায়। প্ৰতি ২০ মিনিটৰ মূৰে মূৰে ২০ ছেকেণ্ডৰ বাবে বিৰতি লব লাগে। এই নিয়মটো নিশ্চিতভাৱে মানি চলিব লাগে।
- সাঁতুৰি অহাৰ পিছত লগে লগে পৰিষ্কাৰ পানীৰে চকু ধুব লাগে আৰু কোনো ধৰণৰ বিষ হ’লে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।