বৰ্তমান সময়ত আমাৰ জীৱনশৈলীত অতি অস্বাস্থ্যকৰ হৈ পৰিছে। অধিক সময়লৈ একে ঠাইতে বহি থকা, মোবাইল, লেপটপ আদিৰ অতিমাত্ৰা ব্যৱহাৰে আমাৰ শৰীৰৰ যথেষ্ট ক্ষতিসাধন কৰে। বিশেষকৈ ডিঙি বা কান্ধৰ বিষ যথেষ্ট বাঢ়ি যায়।
বৰ্তমান সময়ত ডিঙিৰ বিষ এক গুৰুতৰ সমস্যাৰূপে দেখা দিছে।ইয়াৰ দ্বাৰা যুৱকৰ পৰা বৃদ্ধলৈকে সকলোৱে এই সমস্যাত জৰ্জৰিত হৈ আছে। এই ৰোগত মূৰৰ বিষ, মূৰ ঘূৰোৱা, হাতৰ সিৰসিৰনি, পিঠিৰ বিষ আদি সমস্যা আহি পৰে।
কিন্তু বিশেষজ্ঞসকলৰ মতে, নিয়মিত ব্যায়াম আৰু যোগাসনৰ দ্বাৰা এই সমস্যাৰ পৰা যথেষ্টখিনি হাত সাৰিব পাৰি।
- ডিঙি হেলনীয়া কৰা
এই ব্যায়ামে ডিঙিৰ সন্মুখ আৰু পিছফালৰ পেশীবোৰ শক্তিশালী কৰি জঠৰতা দূৰ কৰে। ইয়াৰ বাবে আটাইতকৈ পোন চকীখনত বহি বা থিয় হব লাগে। লাহে লাহে পিঠি থিয় কৰি ৫ ছেকেণ্ড ধৰি ৰাখিব লাগে। তাৰ পিছত লাহে লাহে মূৰটো পিছলৈ বেঁকা কৰি ৫ ছেকেণ্ড ধৰি ৰাখিব লাগে। এইদৰে ১০-১২ বাৰলৈ ইয়াৰ পুনৰাবৃত্তি কৰিব লাগে।
- ডিঙিৰ টনা
এই ব্যায়ামে টেনচন আৰু বিষ কমায়। পোনে পোনে বহি লাহে লাহে মূৰটো সোঁ কান্ধৰ ফালে বেঁকা কৰিলে যথেষ্টখিনি সকাহ পোৱা যায়। ৫ ছেকেণ্ডৰ বাবে এই অৱস্থাত থাকিব লাগে। তাৰপিছত মূৰটো বাওঁফালে হেলনীয়া কৰি ৫ ছেকেণ্ড ধৰি ৰাখিব লাগে। এইদৰে ১০ বাৰ পুনৰাবৃত্তি কৰিব লাগে।
- ডিঙি ঘূৰোৱা
এই ব্যায়ামে ডিঙিৰ নমনীয়তা বৃদ্ধি আৰু ছাৰ্ভাইকেল বিষ কমোৱাত সহায় কৰে। ইয়াৰ বাবে পোনে পোনে বহি লাহে লাহে মূৰটো সোঁফালে ঘূৰাই দিব লাগে। ৫ ছেকেণ্ডৰ বাবে এই অৱস্থাত থাকিব। তাৰ পিছত লাহে লাহে মূৰটো বাওঁফালে ঘূৰাই ৫ ছেকেণ্ড ধৰি ৰাখিব লাগে।