গ্ৰীষ্মকালত আমাৰ শৰীৰৰ ছালত সূৰ্যৰ পোহৰৰ প্ৰভাৱ দেখা যায়। কেতিয়াবা আমাৰ হাত ২ খন প্ৰখৰ ৰ’দৰ পৰা ৰক্ষা কৰাটো সমস্যা হৈ পৰে। কিয়নো শৰীৰৰ বাকী অংশৰ দৰে হাত ২ খন সদায় ঢাকি ৰাখিব নোৱাৰি। ফলস্বৰূপে হাত ২খনত টেনিং হয়।
এই টেনিঙৰ বাবে ছালৰ ক্ষতি হোৱাৰ আশংকা থাকে। গতিকে মৃদু টেনিঙৰ পৰাও মুক্তি পোৱাটো অতি গুৰুত্বপূৰ্ণ।
তলত কেইটামান উপায় উল্লেখ কৰা হ’ল যিয়ে আপোনাৰ হাতৰ পৰা টেনিং আঁতৰোৱাত সহায় কৰিব।
- দৈ আৰু হালধি
এটা বাটিত দৈ লৈ তাত এচামুচ হালধি দিব লাগে। ইয়াৰ এটা পেষ্ট বনাই ভালদৰে মিহলাই গা ধোৱাৰ পূৰ্বে ১৫-২০ মিনিটৰ বাবে হাতত লগাব লাগে। এই পেষ্টে আপোনাৰ ছালখন মইশ্ব’ৰাইজ কৰাৰ লগতে ছালৰ টেনিং পাতল কৰাত ফলপ্ৰসূ বুলি প্ৰমাণিত হ’ব।
- নেমু
যদি টেনিং গভীৰ হয় আৰু কোনো ধৰণৰ বিৰক্তি বা বিষৰ সৃষ্টি নকৰে, তেন্তে নেমু ব্যৱহাৰ কৰিব পাৰে। নেমুৰ ৰসত হাত দুখন ২০ মিনিটমান তিয়াই থ’ব লাগে। নেমুৰ অম্লীয় গুণে আপোনাৰ হাতত উপকাৰী প্ৰভাৱ পেলায়।
- অমিতা
অমিতাৰ পৰা তৈয়াৰী স্ক্ৰাবে ছালত আচৰিত ধৰণৰ প্ৰভাৱ পেলায়। ইয়াক ব্যৱহাৰ কৰিবলৈ অমিতাৰ গুটিখিনি গুটিকে ধৰি গুড়ি কৰি পেষ্ট কৰি ল’ব লাগে। এই প্ৰস্তুত কৰা পেষ্টেৰে হাত ধুই ল’ব। মাস্ক হিচাপেও কিছু সময়ৰ বাবে হাতত ৰাখিব পাৰে।
- তিঁয়হ
নেমুৰ ৰস কেইটোপালমান তিঁয়হৰ ৰসৰ লগত মিহলাই টেনিঙত প্ৰয়োগ কৰিলে উপকাৰী হ’ব পাৰে। ভালদৰে হাত ধোৱাৰ পিছত এই ৰসখিনি প্ৰায় আধা ঘণ্টামান হাতত লগাই থ’ব লাগে। টেনিং সম্পূৰ্ণৰূপে আঁতৰ নোহোৱালৈকে আপুনি ইয়াক দুদিনৰ মূৰে মূৰে লগাব পাৰে।
- কফি
হাত দুখনৰ টেনিং লঘু কৰাত কফি স্ক্ৰাব সমানেই ফলপ্ৰসূ। এই স্ক্ৰাব বনাবলৈ কফিৰ গুড়ি এটা বাটিত এচামুচ মৌ আৰু দুচামুচ গাখীৰ দি ভালদৰে মিহলাই ল’ব। মিশ্ৰণটোৰে ভালদৰে হাত ২খন ধুই ল’ব লাগিব।







