ব্যস্ত চহৰত আমি একোজন যোদ্ধা। ব্যক্তিগত ক্ষেত্ৰতে হওঁক বা কৰ্মক্ষেত্ৰতে হওঁক আমি সকলোৱে ব্যস্ত থাকো। এই পৰিস্থিতিত দেহটোক সুস্থ-সৱল কৰি ৰাখিবৰ বাবে পুষ্টিকৰ খাদ্য খোৱাটো অতি প্ৰয়োজন। যদিহে আপুনি পুষ্টিকৰ খাদ্য নাখাই তেতিয়াহলে আপোনাৰ শৰীৰত বিভিন্ন ৰোগে দেখা দিব পাৰে।
কিয়নো পুষ্টিকৰ খাদ্যই আপোনাক শক্তি প্ৰদান কৰিব। তাৎক্ষণিকভাৱে আপুনি শক্তি লাভ কৰিবৰ বাবে আপুনি খাব পৰা কিছুমান খাদ্যৰ বিষয়ে জানি লওঁকঃ
কল
আপুনি যদি খুব ভাগৰ অনুভৱ কৰে। তেতিয়াহ’লে ৰাতিপুৱা নিতৌ দুটাকৈ কল খাওক। কিয়নো কল হৈছে প্ৰত্যক্ষ শক্তিৰ ভাণ্ডাৰ । কলত পটাছিয়াম, আঁহ আৰু ভিটামিন বি৬-ৰ এক ভঁৰাল। ই পেশীৰ কাৰ্য দ্ৰুতগতিত সক্ৰিয় কৰে। ইয়াৰ লগতে, হজম কৰা আৰু শৰীৰক শক্তি প্ৰদান কৰাত কলে সহায় কৰে।
ওটচ
যদি শৰীৰত শক্তিৰ অভাৱ হয়। শৰীৰত যদি প্ৰ’টিনৰ অভাৱ আছে। তেন্তে ওটচ খাওঁক। কিয়নো ওটচ হৈছে প্ৰ’টিন আৰু আঁহৰ এক ভাণ্ডাৰ। ওটচ খোৱাৰ পিছত শৰীৰত শক্তি আহৰণ হয়। গতিক, শৰীৰত শক্তি আহৰণ কৰিবলৈ আপুনি খাব পাৰে ওটচ।
মিঠা আলু
বিজ্ঞানৰ মতে মিঠা আলু হৈছে শক্তিৰ ভাণ্ডাৰ। আপুনি ইয়াক খোৱাৰ লগে লগে পোনপটীয়া শক্তি লাভ কৰিব। মিঠা আলুত আঁহ আৰু জটিল কাৰ্বোহাইড্ৰেট থাকে যি শৰীৰক তাৎক্ষণিক শক্তিৰে ভৰাই তোলে।
আপেল
কোৱা হয় যে, যদি আপুনি দৈনিক এটা আপেল খায়। তেতিয়াহলে চিকিৎসকৰ ওচৰলৈ যোৱাৰ কোনো প্ৰয়োজন নাই। আপেল হৈছে আঁহ, কাৰ্বোহাইড্ৰেট, এণ্টি অক্সিডেণ্টৰ ভাণ্ডাৰ। আপেল খোৱাৰ পিছত ইয়াৰ প্ৰভাৱ আৰম্ভ হয় আৰু শৰীৰে অতি সোনকালে শক্তি লাভ কৰে।
ডাৰ্ক চকলেট
ডাৰ্ক চকলেট আন খাদ্যৰ দৰে স্বাস্থ্যকৰ নহয় যদিও ডাৰ্ক চকলেটে তাৎক্ষণিক শক্তি প্ৰদান কৰে। ডাৰ্ক চকলেট খোৱাৰ লগে লগে, আপোনাৰ শৰীৰত শক্তিৰ সৃষ্টি হয়। অধিক কোকো থকা চকলেটে আপোনাক অধিক শক্তি প্ৰদান কৰিব। অৱশ্যে, অধিক চেনী ব্যৱহাৰ কৰা ডাৰ্ক চকলেট, অত্যাধিক সেৱনেও ক্ষতি কৰিব পাৰে।