হিজবুল্লাহে অহৰহ লক্ষ্য কৰি লৈছে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুক। ইজৰাইলৰ প্ৰধানমন্ত্ৰীগৰাকীৰ গৃহত অবিৰত আক্ৰমণৰ বাবে বৃদ্ধি পাইছে ইজৰাইলৰ উদ্বেগ। কেছাৰিয়াত তেওঁৰ ঘৰত আন এক আক্ৰমণ সংঘটিত হৈছে। তেওঁৰ কেম্পাছত দুটা ফ্লেয়াৰ নিক্ষেপ কৰা হয়। বিগত মাহতো তেওঁৰ গৃহত ড্ৰ’ন আক্ৰমণ হৈছিল।
তথ্য অনুসৰি, আক্ৰমণৰ সময়ত নেতানিয়াহু ঘৰত নাছিল। আৰক্ষী আৰু চোৰাংচোৱা সংস্থা শ্বিন বেটে ইয়াৰ তদন্ত আৰম্ভ কৰিছে। নেতানিয়াহুৰ ঘৰত অবিৰত আক্ৰমণৰ বাবে ইজৰাইলৰ উদ্বেগ বৃদ্ধি পাইছে।
বিবৃতিটোত কোৱা হৈছে যে, ঘটনাৰ সময়ত প্ৰধানমন্ত্ৰী আৰু তেওঁৰ পৰিয়াল ঘৰত নাছিল। ইতিমধ্যে এই বিষয়টোৰ তদন্ত আৰম্ভ কৰা হৈছে। এইটো এটা গুৰুতৰ বিষয়। ইজৰাইলৰ ৰাষ্ট্ৰপতি আইজাক হাৰ্জগে এই ঘটনাক গৰিহণা দি ৰাজহুৱা ক্ষেত্ৰত হিংসা বৃদ্ধিৰ বিৰুদ্ধে সকীয়াই দিয়ে। এই বিষয়ত শীঘ্ৰে তদন্তৰ প্ৰয়োজন বুলিও মন্তব্য কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে। দোষীৰ বিৰুদ্ধে অতি সোনকালে উচিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও সকীয়াই দিয়ে।
বৰ্তমানলৈকে এই আক্ৰমণৰ আঁৰত কোন আছিল, সেই সন্দৰ্ভত কোনো তথ্য প্ৰকাশ কৰা হোৱা নাই। যোৱা ১৯ অক্টোবৰত ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ বাসগৃহতো ড্ৰ’ন আক্ৰমণ সংঘটিত হৈছিল। অৱশ্যে ইৰাণ সমৰ্থিত সন্ত্ৰাসবাদী সংগঠন হিজবুল্লাহে এই আক্ৰমণৰ দাবী কৰিছিল। সেই সময়ত প্ৰধানমন্ত্ৰী নেতানিয়াহুৱে হিজবুল্লাহৰ বিৰুদ্ধে তেওঁ আৰু তেওঁৰ পত্নীক হত্যা কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰিছিল।
দৰাচলতে, ২৩ ছেপ্টেম্বৰৰ পৰা ইজৰাইলে লেবাননত হিজবুল্লাহক লক্ষ্য কৰি বোমা বিস্ফোৰণ বৃদ্ধি কৰি আহিছে। ইজৰাইলৰ সেনাই ধাৰাবাহিকভাৱে হিজবুল্লাহৰ ঘাটি ধ্বংস কৰি আহিছে। ইজৰাইলৰ সেনাই এতিয়া কেৱল লেবাননক আতংকিত কৰাই নহয় ছিৰিয়াতো ব্যাপক আক্ৰমণ চলাইছে। ইজৰাইল সেনাই লেবাননৰ সৈতে ছিৰিয়াৰ সীমান্তত ব্যাপক আক্ৰমণ চলাই দলং আৰু পথ ধ্বংস কৰিছে।
এইবোৰ দলং আৰু পথৰ মাজেৰে হিজবুল্লাহক অস্ত্ৰ-শস্ত্ৰৰ যোগান ধৰা হৈছিল। আইডিএফে লক্ষ্য কৰি লোৱা একেটা অট্টালিকাকে ইজৰাইলৰ আক্ৰমণত ধ্বংস কৰা হৈছে। ইজৰাইলৰ ক্ষেপণাস্ত্ৰই এনেদৰে আৱাসিক এলেকাত আঘাত কৰে আৰু সমগ্ৰ অট্টালিকাটো মাটিত ভাঙি পেলোৱা হয়। হাছান নছৰল্লাহৰ মৃত্যুৰ পিছত হিজবুল্লাহ পূৰ্বতকৈ অধিক আক্ৰমণাত্মক হৈ পৰিছে। ইজৰাইলকো অহৰহ লক্ষ্য কৰি লৈছে।