মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ ভাষ্য মন্ত্ৰী-বিধায়কক লৈ। এতিয়াৰে পৰা VIP সংস্কৃতি লোপ পাব। মন্ত্ৰী-বিধায়কে মাহিলী দিব লাগিব আৱাসৰ বিদ্যুতৰ বিল।
মন্ত্ৰী, শীৰ্ষ বিষয়াই দিব লাগিব বিদ্যুতৰ বিল। এতিয়াৰে পৰা মন্ত্ৰী-বিধায়কে বিনামূলীয়াকৈ নাপাব বিদ্যুৎ সেৱা। সময়মতে বিদ্যুতৰ বিল দিব লাগিব মন্ত্ৰী, বিধায়কে। পূৰ্বে মন্ত্ৰী, বিধায়ক, শীৰ্ষ বিধায়কে চৰকাৰৰ পৰা লাভ কৰিছিল বিদ্যুতৰ বিল। কিন্তু এতিয়াৰে পৰা এই পৰম্পৰা শেষ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ আৱাসৰো বিদ্যুতৰ বিল নিজেই পৰিশোধ কৰিব। চৰকাৰৰ পৰা নলয় বুলি প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। ১ জুলাইৰ পৰা মন্ত্ৰী-বিধায়ক, শীৰ্ষ বিষয়াই দিব লাগিব বিদ্যুতৰ মাচুল।
আদৰ্শ হিচাপে মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ আৱাসত যোগান ধৰা বিদ্যুতৰ বিল চৰকাৰৰ পৰা নলয়। মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেই পৰিশোধ কৰিব চৰকাৰী আৱাসৰ বিদ্যুতৰ বিল। ৭৫ বছৰ ধৰি চৰকাৰৰ পৰা বিদ্যুতৰ বিল লাভ কৰি আহিছিল শীৰ্ষ বিষয়া, মন্ত্ৰী, বিধায়কে। কিন্তু এতিয়াৰে পৰা এই পৰম্পৰা শেষ কৰি পেলালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে হওক অথবা মন্ত্ৰী, বিধায়কেই হওক সকলোৱে দিব লাগিব বিদ্যুতৰ বিল। চৰকাৰী আৱাসত থাকিলে এতিয়াৰে পৰা পৰিশোধ কৰিব লাগিব বিদ্যুতৰ বিল।