ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটো বহুকেইটা ঘটনাৰে লিপিবদ্ধ হৈ আছে। জানো আহক ইতিহাসৰ পাতত নথীভুক্ত হৈ থকা বহু ঘটনাৰ বিশেষত্বৰ বিষয়ে-
১৯৩২- হেটি অফেলিয়া কেৰাৱে আমেৰিকাৰ চেনেটলৈ নিৰ্বাচিত হোৱা প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হয়।
১৯৬২- ভিয়েটনামত আমেৰিকাৰ প্ৰথম যুদ্ধ অভিযান অপাৰেশ্যন চপাৰ আৰম্ভ হয়।
১৯৭২- আবু ছাইদ চৌধুৰী বাংলাদেশ গণৰাজ্যৰ ৰাষ্ট্ৰপতি হয়, আৰু শ্বেখ মুজিবুৰ ৰহমান প্ৰধানমন্ত্ৰী হয়।
২০০৫- নাছাই টেম্পেল ১ ধুমকেতুৰ ভিতৰৰ অংশ অধ্যয়নৰ বাবে আমেৰিকাৰ মহাকাশযান ডিপ ইমপেক্ট উৎক্ষেপণ কৰে।
২০০৬- ছৌদি আৰৱৰ মিনাত চয়তানৰ অনুষ্ঠানত শিলগুটি নিক্ষেপ কৰাৰ সময়ত ৩৬২ জন হজ যাত্ৰীৰ মৃত্যু হৈছিল।
২০১০- হাইটিত এক ভয়াৱহ ভূমিকম্প হৈছিল আৰু প্ৰায় ১ লাখ ৬০ হাজাৰ লোকৰ মৃত্যু হৈছিল।
২০১৭- আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জো বাইডেনক ৰাষ্ট্ৰপতি বাৰাক ওবামাই ৰাষ্ট্ৰপতি স্বাধীনতাৰ পদক প্ৰদান কৰিছিল।
২০২১- ভাৰতৰ উচ্চতম ন্যায়ালয়ে শাসকীয় বিজেপি চৰকাৰে অনা তিনিটা বিতৰ্কিত কৃষি আইন স্থগিত ৰাখিছিল।










