ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটো বহুকেইটা ঘটনাৰে লিপিবদ্ধ হৈ আছে। জানো আহক ইতিহাসৰ পাতত নথীভুক্ত হৈ থকা বহু ঘটনাৰ বিশেষত্বৰ বিষয়ে-
১৭৭৮- জেমছ কুক হাৱাই দ্বীপপুঞ্জ আৱিষ্কাৰ কৰা প্ৰথমজন ইউৰোপীয় হিচাপে পৰিগণিত হয়। তেওঁ সেইবোৰৰ নাম ৰাখিলে চেণ্ডউইচ দ্বীপপুঞ্জ।
১৮৯৬- প্ৰথমবাৰৰ বাবে এক্স-ৰে মেচিন প্ৰদৰ্শন কৰা হয়।
১৯১৯- বেণ্টলি মটৰ্ছ লিমিটেড প্ৰতিষ্ঠা হয়।
১৯৩০- ৰবীন্দ্ৰনাথ ঠাকুৰে মহাত্মা গান্ধীৰ সাবৰমতী আশ্ৰম ভ্ৰমণ কৰে।
১৯৪৫- ছোভিয়েট সৈন্যই পোলেণ্ডৰ ক্ৰাকোভত উপস্থিত হয় আৰু জাৰ্মানীয়ে পিছুৱাই যাবলৈ বাধ্য হয়।
১৯৫১- নেদাৰলেণ্ডত প্ৰথমবাৰৰ বাবে লাই ডিটেক্টৰ ব্যৱহাৰ কৰা হয়।
১৯৫২- ইজিপ্তত ব্ৰিটিছ বিৰোধী দাঙ্গা আৰম্ভ হয়।
১৯৬০- আমেৰিকা আৰু জাপানে যৌথ প্ৰতিৰক্ষা চুক্তি স্বাক্ষৰ কৰে।
১৯৮৬- দক্ষিণ য়েমেনৰ ৰাজধানী এডেনত তীব্ৰ যুদ্ধৰ সৃষ্টি হয় আৰু বিদেশী নাগৰিকে পলায়ন কৰে।
১৯৮৭- লণ্ডনত ৪০খন দেশৰ সংবাদ মাধ্যমৰ প্ৰতিনিধিৰ বৈঠকত চেঞ্চৰশ্বিপৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰাম ঘোষণা কৰা হয়।
১৯৮৯- চেকোস্লোভাকিয়াত স্বাধীনতা, সত্য আৰু মানৱ অধিকাৰৰ সমৰ্থনত লাখ লাখ লোকে বিক্ষোভ প্ৰদৰ্শন কৰে।
১৯৭৪- ইজৰাইল আৰু ইজিপ্তৰ মাজত অস্ত্ৰ চুক্তি স্বাক্ষৰিত হয়।
২০০২- আমেৰিকাই ভাৰতক অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ প্ৰদান কৰিবলৈ সন্মত হয়। কলিন পাৱেলে উল্লেখ কৰে যে পাকিস্তানে নিজৰ সন্ত্ৰাসবাদী তালিকাত কাম কৰিলেহে ভাৰতে আলোচনাত লিপ্ত হ’ব। পশ্চিম আফ্ৰিকাৰ দেশ ছিয়েৰা লিয়নত গৃহযুদ্ধৰ অন্ত পৰিল।
২০০৩- লিবিয়া ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰে।
২০০৪- ক্ৰিকেট এদিনীয়া শৃংখলাত ভাৰতে অষ্ট্ৰেলিয়াক ১৯ ৰাণত পৰাস্ত কৰে।
২০০৯- দ্বিতীয় প্ৰশাসনিক সংস্কাৰ আয়োগে চৰকাৰৰ ওচৰত পৰামৰ্শ দাখিল কৰে। সৌৰভ গাংগুলীক সোণৰ বেটেৰে সন্মানিত কৰে বংগ ক্ৰিকেট সন্থাই।
২০২০- ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰ্জুন মুণ্ডাক ভাৰতীয় আৰ্চাৰী এছ’চিয়েচনৰ নতুন সভাপতি নিৰ্বাচিত হয়। তেওঁ প্ৰতিদ্বন্দ্বী বিভিপি ৰাওক ৩৪-১৮ ভোটৰ ব্যৱধানত পৰাস্ত কৰে।










