ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটো বহুকেইটা ঘটনাৰে লিপিবদ্ধ হৈ আছে। জানো আহক ইতিহাসৰ পাতত নথীভুক্ত হৈ থকা বহু ঘটনাৰ বিশেষত্বৰ বিষয়ে-
১৯৪৯- কিউবাই ইজৰাইলক স্বীকৃতি দিয়ে।
১৯৬৬- ইন্দিৰা গান্ধী ভাৰতৰ তৃতীয় প্ৰধানমন্ত্ৰী নিৰ্বাচিত হয়।
১৯৭৫- হিমাচল প্ৰদেশত ভূমিকম্প
১৯৮১- আজিৰ দিনটোতে ইৰাণে আমেৰিকাৰ সৈতে এক চুক্তি স্বাক্ষৰ কৰি তাত বন্দী হৈ থকা ৫২ জন আমেৰিকানক ১৪ মাহৰ পাছত মুকলি কৰি দিবলৈ সন্মত হয়।
১৯৯৭- পেলেষ্টাইনৰ নেতা ইয়াছেৰ আৰাফাতে ত্ৰিশ বছৰৰ পাছত হেব্ৰন ভ্ৰমণ কৰি পশ্চিম পাৰৰ পৰা ইজৰাইল বাহিনীৰ প্ৰত্যাহাৰ সম্পূৰ্ণ হোৱাৰ উদযাপন কৰে।
২০০৮- ৰাজহুৱা খণ্ডৰ পেট্ৰলিয়াম কোম্পানী ইণ্ডিয়ান অইল কৰ্পৰেশ্যনে ট্ৰেন্সপাৰেন্সি ইণ্টাৰনেশ্যনেল ইণ্ডিয়াৰ সৈতে চুক্তি স্বাক্ষৰ কৰে।
২০০৯- ৰাজনৈতিক অনিশ্চয়তাৰ অন্ত পেলাই কেন্দ্ৰীয় কেবিনেটে ঝাৰখণ্ডত ৰাষ্ট্ৰপতিৰ শাসন জাপি দিয়াৰ সিদ্ধান্ত লয়। পাৰ্শ্বনাথ দবা খিতাপ অৰ্জন কৰে সূৰ্য্য শেখৰ গাংগুলীয়ে।
২০১০- নাইজেৰিয়াৰ জোছ চহৰত দুটা সম্প্ৰদায়ৰ মাজত হোৱা হিংসাত্মক পৰিস্থিতিত ৬০ জন লোকৰ মৃত্যু হয়।










