ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটো বহুকেইটা ঘটনাৰে লিপিবদ্ধ হৈ আছে। জানো আহক ইতিহাসৰ পাতত নথীভুক্ত হৈ থকা বহু ঘটনাৰ বিশেষত্বৰ বিষয়ে-
১৫০২- ভাস্কো-ডা-গামাই দ্বিতীয় যাত্ৰাৰ বাবে জাহাজেৰে লিম্বনলৈ ৰাওনা হৈছিল।
১৫৭৭– নেদাৰলেণ্ডৰ নতুন গৱৰ্ণৰ অষ্ট্ৰিয়াৰ ডন জনে গৃহযুদ্ধৰ অন্ত পেলোৱাৰ নিৰ্দেশ জাৰি কৰে।
১৬১০– ফ্ৰান্সৰ ৰজা চতুৰ্থ হেনৰীয়ে জাৰ্মান প্ৰটেষ্টেণ্ট ইউনিয়নৰ সৈতে চুক্তি স্বাক্ষৰ কৰে।
১৬৮৯- উইলিয়াম আৰু মেৰীক ইংলেণ্ডৰ ৰজা আৰু ৰাণী হিচাপে ঘোষণা কৰা হয়।
১৭৬২- ব্ৰিটিছ নৌসেনাই কেৰিবিয়ান দ্বীপ মাৰ্টিনিক দখল কৰে।
১৮০৯- ব্ৰিটিছ বিজ্ঞানী চাৰ্লছ ডাৰউইনৰ জন্ম হয়।
১৮১৮– দক্ষিণ আমেৰিকাৰ দেশ চিলিয়ে স্পেইনৰ পৰা স্বাধীনতা লাভ কৰে।
১৮৮২- নেদাৰলেণ্ডৰ আমষ্টাৰডামত ছ’চিয়েল ডেম’ক্ৰেটিক ইউনিয়ন গঠন কৰা হয়।
১৮৮৫- জাৰ্মান ইষ্ট আফ্ৰিকা কোম্পানী গঠন হয়।
১৮৯৯- জাৰ্মানীয়ে স্পেইনৰ পৰা মাৰিয়ানা, কেৰ’লিন আৰু পিলিউ দ্বীপপুঞ্জ ক্ৰয় কৰে।
১৯২২- মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলনৰ অন্ত পেলাবলৈ কংগ্ৰেছ কাৰ্যকৰী সমিতিক বুজাই দিয়ে।
১৯২৫- উত্তৰ ইউৰোপৰ বাল্টিক দেশ ইষ্টোনিয়াই কমিউনিষ্ট পাৰ্টিক নিষিদ্ধ কৰে।
১৯২৮- গান্ধীজীয়ে বৰদলৈত সত্যগ্ৰহৰ ঘোষণা কৰে।
১৯৩৮ – জাৰ্মান সৈন্যই অষ্ট্ৰিয়াত প্ৰৱেশ কৰে।
১৯৫৩- চুডান সন্দৰ্ভত ব্ৰিটেইন আৰু ইজিপ্তৰ মাজত চুক্তি হয়।
১৯৭৪- ছোভিয়েট নোবেল বঁটা বিজয়ী আলেকজেণ্ডাৰ ছলজেনিটচিনক মস্কোত গ্ৰেপ্তাৰ কৰা হয়।
১৯৭৫- ভাৰতে নিজকে ছমপক্সৰ পৰা মুক্ত ঘোষণা কৰে।
১৯৭৯- ইৰাণৰ প্ৰধানমন্ত্ৰী বাখতিয়াৰে সেনাৰ সমৰ্থন হেৰুৱাই পদত্যাগ কৰে।
২০০০ চনত পণ্ডিত ৰবি শংকৰক ফ্ৰান্সৰ সৰ্বোচ্চ অসামৰিক সন্মান “কমাণ্ডাৰ ডি লা লিজিয়ন ডি অনাৰ” সন্মান প্ৰদান কৰা হয়। পাকিস্তানক কমনৱেলথ পাৰ্লিয়ামেণ্টৰী এছ’চিয়েশ্যনৰ পৰা নিলম্বিত কৰা হৈছিল।









