ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটো বহুকেইটা ঘটনাৰে লিপিবদ্ধ হৈ আছে। জানো আহক ইতিহাসৰ পাতত নথীভুক্ত হৈ থকা বহু ঘটনাৰ বিশেষত্বৰ বিষয়ে-
১৯১৪- ভাৰত-পাকিস্তানী যুদ্ধৰ সময়ত ভাৰতীয় সেনাবাহিনীৰ মুখ্য সেনাধ্যক্ষ ছেম মানেকশ্বৰ জন্ম হয়।
১৯৩৩- ৩ এপ্ৰিলত মাউণ্ট এভাৰেষ্টৰ ওপৰেৰে প্ৰথম বিমান উৰণ হয়।
২০০১- আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বিল ক্লিণ্টনে ভাৰত ভ্ৰমণ কৰি চাৰি বছৰৰ বিৰতিৰ অন্তত ভাৰত আৰু ডেনমাৰ্কৰ মাজত পুনৰ আলোচনা আৰম্ভ কৰে।
২০০২- পাকিস্তানৰ ৰাষ্ট্ৰপতি পাৰভেজ মুশ্বাৰফৰ গণভোটৰ পৰিকল্পনাই কেবিনেটৰ অনুমোদন লাভ কৰে।
২০০৬- নেপালত মাওবাদীয়ে যুদ্ধবিৰতি ঘোষণা কৰে।
২০০৭- আজিৰ দিনটোতে নতুন দিল্লীত আৰম্ভ হয় চতুৰ্দশ সাৰ্ক শীৰ্ষ সন্মিলন।
২০০৮- প্ৰকাশ কাৰাট পুনৰ চি পি আই (এম)ৰ সাধাৰণ সম্পাদক নিৰ্বাচিত হয়।
২০০৮- মেধা পাটকাৰক ৰাষ্ট্ৰীয় বিপ্লৱী বঁটাৰে সন্মানিত কৰা হয়।











