ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটো বহুকেইটা ঘটনাৰে লিপিবদ্ধ হৈ আছে। জানো আহক ইতিহাসৰ পাতত নথীভুক্ত হৈ থকা বহু ঘটনাৰ বিশেষত্বৰ বিষয়ে-
১৬৬৪- ছত্ৰপতি শিৱাজী মহাৰাজে চুৰাট আক্ৰমণ কৰে।
১৯২৯- ভাৰতৰ অৱহেলিত আৰু দৰিদ্ৰ জনসাধাৰণৰ সেৱাৰ বাবে মাদাৰ টেৰেছা কলিকতালৈ (বৰ্তমান কলকাতা) উভতি আহে।
১৯৪৭- ভাৰতীয় জাতীয় কংগ্ৰেছ কমিটীয়ে ভাৰত বিভাজন মানি লয়।
১৯৫০- ব্ৰিটেইনে চীনৰ কমিউনিষ্ট চৰকাৰক স্বীকৃতি দিয়ে।
১৯৭৬- চীনে লপ ন’ৰ অঞ্চলত পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰে।
১৯৮০- ইন্দিৰা গান্ধী নেতৃত্বাধীন কংগ্ৰেছ দলে সপ্তম লোকসভা নিৰ্বাচনত দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা লাভ কৰে।
১৯৮৩- আজিৰ দিনটোতে অন্ধ্ৰপ্ৰদেশ আৰু কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছে প্ৰথমবাৰৰ বাবে পৰাজয়ৰ সন্মুখীন হয়।
১৯৮৯- ইন্দিৰা গান্ধীৰ হত্যাকাণ্ডত দোষী সাব্যস্ত হোৱা সতৱন্ত সিং আৰু কেহৰ সিঙক ফাঁচী দিয়া হয়।
২০০২- ভাৰতে সীমান্তত অনুপ্ৰৱেশ কৰা পাকিস্তানী চোৰাংচোৱা বিমানক গুলীয়াই নিক্ষেপ কৰে। লগতে ভাৰতে ৰাজনৈতিক সফলতা লাভ কৰে। ব্ৰিটিছ প্ৰধানমন্ত্ৰী টনি ব্লেয়াৰ আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মাজত আলোচনাৰ অন্তত স্বাক্ষৰিত হয় দিল্লী ঘোষণাপত্ৰ। বাংলাদেশী মুদ্ৰাৰ পৰা আঁতৰাই দিয়া হয় শ্বেখ মুজিবুৰ ৰহমানৰ প্ৰতিকৃতি।
২০০৩ – ৰাছিয়াই ৰাষ্ট্ৰসংঘৰ পূৰ্বৰ অনুমতি অবিহনে ইৰাকৰ বিৰুদ্ধে সামৰিক ব্যৱস্থা গ্ৰহণ নকৰিবলৈ আমেৰিকাক সকীয়াই দিয়ে।
২০০৭- উত্তৰ প্ৰদেশৰ হিন্দী ইনষ্টিটিউটে বাৰ্ষিক সাহিত্য বঁটাৰ অংশ হিচাপে কেদাৰনাথ সিঙক ২০০৭ চনৰ ভাৰত ভাৰতী সন্মান প্ৰদান কৰাৰ কথা ঘোষণা কৰে।
২০০৮- ৰাজ্যসভাৰ সদস্য তথা বাংগালুৰুস্থিত উদ্যোগী তথা মূলধন আৰু বিনিয়োগ কোম্পানী জুপিটাৰ কেপিটেলৰ অধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী বিষয়া ৰাজীৱ চন্দ্ৰশেখৰক ফিচিচিৰ সভাপতি হিচাপে নিযুক্তি দিয়া হয়।
২০১০- নতুন দিল্লীৰ যমুনা বেংক-আনন্দ বিহাৰ অংশত মেট্ৰ’ ৰে’ল চলাচল আৰম্ভ হয়।
২০১২- ছিৰিয়াৰ ৰাজধানী ডামাস্কাছত সংঘটিত আত্মঘাতী আক্ৰমণত ২৬ জন লোক নিহত আৰু ৬৩ জন আহত হয়।









