দেশত বৰ্তমান হিউমেন মেটাপনিউমোভাইৰাছত আক্ৰান্ত (HMPV) ৰোগীৰ সংখ্যা ১১ জনলৈ বৃদ্ধি পাইছে। এই ভাইৰাছ ১০ টা শিশু আৰু এগৰাকী ৬০ বছৰীয়া মহিলাৰ দেহত ধৰা পৰিছে।
ধাৰাবাহিকভাৱে বৃদ্ধি পোৱা ৰোগীৰ পৰিপ্ৰেক্ষিতত সষ্টম হৈ উঠিছে কেন্দ্ৰীয় চৰকাৰ আৰু এই ভাইৰাছৰ বাবে চিকিৎসালয়সমূহত আইছ’লেশ্যন ৱাৰ্ড সাজু কৰা হৈছে। এইচ এম পি ভিৰ লক্ষণসমূহ ২০২০ চনত অহা ক’ৰোনা ভাইৰাছৰ দৰেই। কিন্তু এই ভাইৰাছত আক্ৰান্ত হোৱাৰ পিছতো কোনো গুৰুতৰ লক্ষণ দেখা পোৱা নাই যদিও ক’ৰোনা সংক্ৰমণৰ পৰা সুস্থ হোৱা লোকসকলৰ দীৰ্ঘম্যাদী স্বাস্থ্যজনিত সমস্যা আছিল। এইচ এম পি ভিৰ ফলত শ্বাস-প্ৰশ্বাসজনিত ৰোগো হয়।
এইচ এম পি ভি ভাইৰাছৰ বেছিভাগ ক্ষেত্ৰতে শিশুৰ ক্ষেত্ৰত দেখা গৈছে। ৰোগীৰ কাহ, চৰ্দি, জ্বৰ আদি লক্ষণ দেখা পোৱা গৈছে। কিন্তু এই ভাইৰাছে কিছুমান ক্ষেত্ৰত নিউমোনিয়াৰো সৃষ্টি কৰে, যি অতি বিপদজনক। যিসকল শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল, তেনে শিশু এই ভাইৰাছৰ আশংকা অধিক হয়।
জিটিবি হাস্পতালৰ মেডিচিন বিভাগৰ ডাঃ অজিত জৈনে কয় যে, ক’ৰোনাত আক্ৰান্ত হোৱাৰ পিছত বছৰ বছৰ ধৰি বহু লোকৰ এই ভাইৰাছৰ পাৰ্শ্বক্ৰিয়া আছিল আৰু এতিয়াও আছে। কিন্তু এইচ এম পি ভি ভাইৰাছৰ ক্ষেত্ৰত অতি কম সংখ্যক ক্ষেত্ৰতে দেখা যায়। কাৰণ ক’ৰোনা ভাইৰাছে হাওঁফাওঁত আক্ৰমণ কৰিছিল আৰু এই ভাইৰাছে হৃদযন্ত্ৰতো প্ৰভাৱ পেলায়। কিন্তু এইচ এম পি ভি ভাইৰাছৰ ক্ষেত্ৰত এনে নহয়।
ইয়াৰ লগে লগে আক্ৰান্ত ৰোগী সম্পূৰ্ণৰূপে সুস্থ হৈ উঠে। কিন্তু যদি কোনো ব্যক্তি গুৰুতৰ হাঁপানী বা নিউমোনিয়াত আক্ৰান্ত হয় আৰু তাৰ পিছত এই ভাইৰাছত আক্ৰান্ত হয়, তেন্তে কিছুমান ক্ষেত্ৰত উশাহ-নিশাহৰ সমস্যা হ’ব পাৰে,
এইচ এম পি ভিৰ লক্ষণসমূহ-
- জ্বৰ
- কাহ
- চৰ্দি
- শ্বাস-প্ৰশ্বাসজনিত অসুবিধা
এইচ এম পি ভিৰ পৰা কেনেকৈ সুৰক্ষা পাব পাৰি-
- পৰিষ্কাৰ-পৰিচ্ছন্নতা বৰ্তাই ৰখা
- আক্ৰান্তৰ সংস্পৰ্শলৈ আহিব নালাগে
- কাহ, চৰ্দি আৰু জ্বৰ হ’লে পৰীক্ষা কৰাব লাগে
- শিশুৰ বিশেষ যত্ন লোৱা উচিত