ছুপাৰ হিট ছবি ‘12th Fail’ৰ পৰিচালক বিধু বিনোদ চোপ্ৰাৰ পুত্ৰ অগ্নি চোপ্ৰাই ২০২৩-২৪ ছিজনৰ ৰঞ্জী ট্ৰফীত বেটিং প্ৰদৰ্শনেৰে সকলোকে মোহাচ্ছন্ন কৰিছিল। অগ্নিয়ে প্ৰথম চাৰিখন খেলৰ প্ৰতিখন খেলতে প্ৰথম শ্ৰেণীৰ শতক অৰ্জন কৰা প্ৰথমজন খেলুৱৈ হোৱাৰ কৃতিত্ব গঢ়িছিল। মিজোৰামৰ হৈ সৰ্বোত্তম প্ৰদৰ্শন কৰা বেটছমেন আছিল তেওঁ।
অগ্নি চোপ্ৰাৰ প্ৰদৰ্শন দেখি ক্ৰিকেট বিশেষজ্ঞসকলে অনুমান কৰিছিল যে এই খেলুৱৈজনে দীঘলীয়া সময়ৰ বাবে ক্ৰিকেটত ৰাজত্ব কৰিব। কিন্তু এতিয়া শেহতীয়াকৈ অগ্নি চোপ্ৰাক আমেৰিকান ক্ৰিকেট লীগত খেলা দেখা গৈছে, যিটো দেখি সকলোৱে আচৰিত হৈছে।
বিচিচিআইৰ কঠোৰ নিয়মৰ মাজতো বিধু বিনোদ চোপ্ৰাৰ পুত্ৰ অগ্নি চোপ্ৰা কেনেকৈ বিদেশী ক্ৰিকেট লীগৰ অংশ হ’ব পাৰে সেয়া কোনেও বুজিব পৰা নাই।
উল্লেখ্য যে বি চি চি আইৰ নিয়ম অনুসৰি কোনো সক্ৰিয় ভাৰতীয় ক্ৰিকেটাৰক কোনো বিদেশী ক্ৰিকেট লীগত খেলিবলৈ দিয়া হোৱা নাই আৰু তেওঁলোকে অৱসৰৰ পিছতহে বা No Objection Certificate (NOC) লাভ কৰাৰ পিছতহে এই প্ৰতিযোগিতাসমূহত খেলিব পাৰিব।
অৱশ্যে অগ্নিক ৰেহাই দিয়াৰ আঁৰৰ কাৰণটো অতি সহজ। তেওঁৰ হাতত ভাৰতীয় পাছপ’ৰ্ট নাই। যাৰ বাবে তেওঁ বিদেশী ক্ৰিকেট লীগত খেলাৰ যোগ্যতা অৰ্জন কৰিছে।
দৰাচলতে অগ্নিৰ জন্ম মিচিগানৰ ডেট্ৰাইটত হৈছিল আৰু ইয়াৰ বাবেই তেওঁ বিদেশী ক্ৰিকেট লীগত অংশগ্ৰহণৰ বিচিচিআইৰ নিয়মৰ পৰা ৰেহাই লাভ কৰিছে। কিন্তু এতিয়া বি চি চি আইৰ নতুন নিয়ম অনুসৰি ভাৰতীয় নাগৰিকত্ব নোলোৱালৈকে কোনো ক্ৰিকেটাৰে ঘৰুৱা লীগত খেলিব নোৱাৰিব।
ইয়াৰ পূৰ্বে অগ্নি চোপ্ৰাই এক সাক্ষাৎকাৰত কৈছিল যে যদি তেওঁ আই পি এলত খেলিবলৈ নিৰ্বাচিত হয় তেন্তে তেওঁ ভাৰতীয় পাছপ’ৰ্টৰ বাবে আবেদন কৰিব। কিন্তু কেইবাবাৰো লীগত খেলাৰ ইচ্ছা প্ৰকাশ কৰাৰ পিছতো তেওঁক কোনো ফ্ৰেঞ্চাইজিয়ে ক্ৰয় নকৰাত তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ লীগত খেলাৰ সিদ্ধান্ত লয়।