ভগৱান শ্ৰীকৃষ্ণ নগৰী মথুৰাত আছে এখন বিশেষ মিঠাইৰ দোকান। আজিও জনপ্ৰিয় মিঠাইৰ এই দোকানখনে বিগত ১৬০ বছৰ ধৰি পেৰা বনাই সকলোৰে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।
এই বিশেষ দোকানখন ব্ৰিটিছ ৰাজত্বৰ দিনৰে পৰা আছে। যিখন দোকানত প্ৰস্তুত কৰা মিঠাই ব্ৰিটিছৰ খাদ্য টেবুলটো বিশেষ স্থান লাভ কৰিছিল।
১৮৬০ চনৰ আৰম্ভণিতে ৰাজপুৰা পথত মুকলি হোৱা গুজৰাটৰ বডোদৰাৰ বিখ্যাত পেৰাৰ দোকান খন ‘পেৰাৱালা ধুলিৰাম ৰতনলাল শৰ্মা’ৰ আছিল বুলি জানিব পৰা যায়। পিছলৈ বডোদৰাত ধুলিৰাম পেণ্ডা বুলিহে অধিক জনপ্ৰিয়তা লাভ কৰে।
আচলতে এই দোকানখনৰ মথুৰাৰ লগত ইয়াৰ মূল সংযোগ আছে। দুলিৰাম জী আৰু মহাৰাম জী নামৰ দুজন ভাতৃয়ে তাতেই এই দোকানখন আৰম্ভ কৰিছিল। কিন্তু পিছলৈ তেওঁলোক গুজৰাটলৈ স্থানান্তৰিত হয়।
কেইবাটাও প্ৰজন্মৰ পাছত পৰিয়ালটোৰ যতীন শৰ্মা আৰু হিমাংশু শৰ্মাই এই ব্ৰেণ্ড আৰু পৰিচয় বজাই ৰাখিছে আৰু বৰ্তমানেও তেওঁলোকৰ পেৰা চহৰৰ বহু অঞ্চলত বিক্ৰী হয়। একমাত্ৰ বিশেষ কথাটো হ’ল- এতিয়াও তেওঁলোকৰ দোকানৰ পেৰাৰ সোৱাদ ল’বলৈ সকলোৱে খাবলগীয়া হয় হাবাথুৰি।
এই দোকানৰ পেৰাৰ প্ৰতি ব্ৰিটেইনৰ ৰাণী ভিক্টোৰিয়া কেনেকৈ আকৃষ্ট হ’ল তাৰ আছে এক আমোদজনক কাহিনী। ব্ৰিটিছ ৰজাঘৰীয়া পৰিয়ালৰ কাষ পোৱাৰ আগতে এই দোকানৰ পেৰাবোৰে বডোদৰাৰ গেকৱাড ৰাজ পৰিয়ালত স্থান লাভ কৰিছিল। এসময়ত মহাৰাজা খাণ্ডেৰাও গেকৱাডে হাতীৰ ওপৰত বহি এই দোকানখনৰ কাষেৰে পাৰ হৈ গৈছিল। কিন্তু তেওঁ যোৱা হাতীটো দোকানৰ সন্মুখত ৰৈ আগবাঢ়ি যাবলৈ সাজু নহ’ল যেতিয়ালৈকে হাতীটোক ইয়াৰ পৰা পেৰা খুৱাই দিয়া নহ’ল।
এই ঘটনাৰ পিছতে দোকানৰ খ্যাতি বহু দূৰলৈ বিয়পি পৰিল। পিছত বডোদৰাৰ মহাৰাজা সয়াজিৰাও গেকৱাডে এই দোকানৰ পৰাই ৰাণী ভিক্টোৰিয়াক পেৰাৰ সোৱাদৰ সৈতে পৰিচয় কৰাই দিয়ে। ৰাণী ভিক্টোৰিয়াৰ এই পেৰা ইমানেই ভাল লাগিছিল যে তাৰ পিছত ইয়াক প্ৰায়ে ব্ৰিটিছ ৰয়েল ফেমিলিৰ ভোজত ব্যৱহাৰ কৰা হৈছিল। যিটো পেৰাৰ সোৱাদ আজিৰ পৰ্য্যন্ত সকলোৰে মাজত বিৰাজমান।