শ্ৰীলংকাৰ বাওঁহতীয়া স্পিনাৰ প্ৰবীণ জয়াৱিক্ৰমাক দুৰ্নীতি বিৰোধী সংহিতা উলংঘা কৰাৰ অভিযোগত আই চি চিয়ে এবছৰৰ বাবে নিষেধাজ্ঞা আৰোপ কৰিছে। এই সময়ছোৱাত তেওঁ ৬ মাহৰ বাবে নিলম্বিত হৈ থাকিব।
আই চি চিৰ দুৰ্নীতি বিৰোধী সংহিতা উলংঘা কৰা বুলি স্বীকাৰ কৰাৰ পিছত এই নিষেধাজ্ঞা জয়াৱিক্ৰমাৰ ওপৰত জাৰি কৰা হৈছে। ইতিমধ্যে জয়াৱিক্ৰমাই সংহিতাৰ ২.৪.৭ অনুচ্ছেদ উলংঘা কৰা বুলি স্বীকাৰ কৰিছে।
জয়াৱিক্ৰমাই শেষবাৰৰ বাবে ২০২২ চনত শ্ৰীলংকাক প্ৰতিনিধিত্ব কৰিছিল। তেওঁ পাঁচখন টেষ্ট, ৫খন এদিনীয়া আৰু সম সংখ্যক টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছে। এই ১৫খন মেচত তেওঁ সৰ্বমুঠ ৩২টা উইকেট দখল কৰিছে।
উল্লেখ্য যে, জয়াৱিক্ৰমাৰ বিৰুদ্ধে উত্থাপিত অভিযোগ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট আৰু লংকা প্ৰিমিয়াৰ লীগৰ সৈতে জড়িত। অভিযোগ অনুসৰি ২৫ বছৰীয়া বাওঁহতীয়া স্পিনাৰগৰাকীয়ে ২০২১ চনত আন্তঃৰাষ্ট্ৰীয় মেচৰ লগতে লংকা প্ৰিমিয়াৰ লীগত মেচ ফিক্স কৰাৰ বাবে লাভ কৰা প্ৰস্তাৱ আইচিচিৰ দুৰ্নীতি বিৰোধী ইউনিটক জনোৱা নাছিল।