অসমবাসীৰ বাবে এটা অত্যন্ত ভাল খবৰ। ৰাষ্ট্ৰীয় পৰ্যায়ৰ মঞ্চত উজ্বলি উঠিল অসম সন্তান তথা সংগীত পৰিচালক অনুৰাগ শইকীয়া। IIFA মিউজিকেল এৱাৰ্ড ত ‘শ্ৰেষ্ঠ টাইটেল ট্ৰেক’ শিতানত বঁটা লাভ কৰিবলৈ সক্ষম হয়।
নেটফ্লিক্সত উপলব্ধ ছিৰিজ মিছমেথছড ছীজন-৩ৰ ‘ISHQ HAI’ শীৰ্ষক গীতটিৰ বাবে তেওঁক IIFA মিউজিকেল এৱাৰ্ড আগবঢ়োৱা হয়। অনুৰাগ শইকীয়াৰ এই সাফল্যত সমগ্ৰ অসমে গৌৰৱ অনুভৱ কৰিছে।
উল্লেখ্য যে, অনুৰাগ শইকীয়াই বলীউডত কেইবাটাও এটা হিট গান উপহাৰ দি আহিছে। ৱেব ছিৰিজ পঞ্চায়তকে ধৰি কেইবাখনো ছিৰিজৰ সংগীত পৰিচালনা কৰিছে। তেওঁ পৰিচালনা কৰা প্ৰতিটো গীতে দৰ্শকে আদৰি লোৱা দেখা যায়।
ইয়াৰ মাজতে শনিবাৰে জয়পুৰত অনুষ্ঠিত হোৱা ২৫ সংখ্যক IIFA এৱাৰ্ডছত অনুৰাগ শইকীয়ালৈ এই সন্মান আগবঢ়োৱা হৈছে। উল্লেখ্য যে, এই অনুষ্ঠানত আৰু বিভিন্ন শিতানত বিভিন্নজনক বঁটা প্ৰদান কৰা হয়।
অনুৰাগ শইকীয়াৰ এই প্ৰাপ্তিৰ পাছত সাধাৰণ অনুৰাগীৰ লগতে অসমৰ মুখ্যমন্ত্ৰীৰ ড০ হিমন্ত বিশ্ব শৰ্মাই তেওঁক শুভেচ্ছা জনায়। চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত টছত জয়ী হৈ বলিঙৰ সিদ্ধান্ত ল’লে ভাৰতে









