ভাৰতত প্ৰতিবছৰে বৃদ্ধি পাইছে কেণ্সাৰ ৰোগীৰ সংখ্যা। বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি দেশত প্ৰতিবছৰে ১০ লাখৰো অধিক লোক কৰ্কট ৰোগত আক্ৰান্ত হয়। ইতিমধ্যে ২০২৪ চনত ১৪ লাখৰো অধিক লোক এই ৰোগত আক্ৰান্ত হৈছে। কিন্তু বহুক্ষেত্ৰত এই কৰ্কট ৰোগীৰ আটাইতকৈ ডাঙৰ সমস্যাটো হ’ল যে যেতিয়ালৈকে ৰোগীয়ে এই ৰোগৰ বিষয়ে অৱগত হয়, তেতিয়ালৈকে বহু দেৰি হৈ যায়। ভাৰতত কৰ্কট ৰোগীৰ অধিকাংশই শেষ পৰ্যায়ত ধৰা পৰে। তেতিয়ালৈকে ৰোগৰ গ্ৰেডও বৃদ্ধি পায়। শেষ পৰ্যায়ত এই কেণ্সাৰ ৰোগৰ চিকিৎসা হৈ পৰে এক প্ৰত্যাহ্বান।
কৰ্কট ৰোগীৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয় ইমিউন’থেৰাপী। কৰ্কট কোষবোৰ ধ্বংস কৰি শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ এই চিকিৎসা ব্যৱহাৰ কৰা হয়।
দিল্লীৰ ৰাজীৱ গান্ধী হাস্পতাল আৰু গৱেষণা কেন্দ্ৰৰ, মেডিকেল অংকলজী বিভাগৰ ডা: বিনীত তালৱাৰে কয় যে কৰ্কট ৰোগীৰ অধিকাংশই অস্ত্ৰোপচাৰ, কেম’থেৰাপি আৰু ৰেডিঅ’থেৰাপিৰ দ্বাৰা চিকিৎসা কৰা হয়। অস্ত্ৰোপচাৰৰ জৰিয়তে কেণ্সাৰ টিউমাৰ আঁতৰাই কেম’থেৰাপি আৰু ৰেডিঅ’থেৰাপিৰ জৰিয়তে কেণ্সাৰ কোষ ধ্বংস কৰা হয়। কিন্তু ইমিউন’থেৰাপীৰ সহায়ত কেৱল কেণ্সাৰ কোষবোৰহে ধ্বংস হয়। এই ইমিউন’থেৰাপীৰ পাৰ্শ্বক্ৰিয়াও কম। আমেৰিকাত কেণ্সাৰ ৰোগীৰ ওপৰত কৰা পৰীক্ষাত এই চিকিৎসাৰ উন্নত ফলাফল দেখিবলৈ পোৱা গৈছে।
ভাৰততো কেণ্সাৰ ৰোগীক এই থেৰাপি প্ৰদান কৰা হয়। চিকিৎসকৰ পৰামৰ্শ অনুসৰি ৰোগীয়ে ইমিউন’থেৰাপীৰ সহায় লব পাৰে। ইমিউন’থেৰাপীত ৰোগীক কিছুমান বিশেষ ঔষধ দিয়া হয়, যিবোৰে কৰ্কট ৰোগ প্ৰতিৰোধত ব্যৱহৃত হয়। এই ঔষধবোৰ শিৰাত বেজীৰ জৰিয়তে শৰীৰলৈ প্ৰেৰণ কৰা হয়। সাধাৰণতে ইয়াক কেম’থেৰাপিৰ লগতেই দিয়া হয়। এই থেৰাপি দিয়াৰ আগতে ৰোগী আৰু তেওঁৰ পৰিয়ালক এই বিষয়ে অৱগত কৰোৱা হয়। ইয়াৰ উপৰিও খৰচৰ সম্পূৰ্ণ তথ্যও দিয়া হয়।