আজি জাগীৰোডত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ভূমি পূজন কৰিলে ছেমি কণ্ডক্টাৰ প্ৰকল্পৰ। জাগীৰোডৰ কাগজ কলৰ ভূমিত আৰম্ভ কৰা হ’ব ছেমি প্ৰকল্প কণ্ডক্টাৰৰ। মুখ্যমন্ত্ৰীৰ সৈতে ভূমি পূজন কৰিলে টাটা সঞ্জয়ৰ পৰিচালন সঞ্চালক এন চন্দ্ৰশেখৰে।
উল্লেখ্য যে, জাগীৰোডত টাটা গ্ৰুপে নিৰ্মাণ কৰিব ছেমি কণ্ডাক্টৰ প্ৰকল্প। এই প্ৰকল্প নিৰ্মাণত ব্যয় হ’ব ২৭ হাজাৰ কোটি টকা।
টাটা গ্ৰুপক ৬০ বছৰৰ বাবে লীজত দিয়া হৈছে ৫১৭.২৭ বিঘা ভূমি। ২০২৬ চনৰ ভিতৰত এই প্ৰকল্প সম্পূৰ্ণ কৰাৰ লক্ষ্য লৈছে টাটা গ্ৰুপে। এই প্ৰকল্প সম্পূৰ্ণ হৈ উঠাৰ পিছত প্ৰতিদিনে ৪৮ নিযুত চিপছ উৎপাদন কৰা হ’ব। লগতে, প্ৰকল্পটোত নিযুক্তি লাভ কৰিব ৩০ হাজাৰ নিবনুৱা যুৱক-যুৱতীয়ে।
উল্লেখ্য যে, লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত নতুন দিল্লীত অনুষ্ঠিত হোৱা এখন বৈঠকত লোৱা হৈছিল সিদ্ধান্ত। অসমৰ লগতে গুজৰাটতো দুটা ছেমি কণ্ডাক্টৰ প্ৰকল্প নিৰ্মাণ কৰাৰ সিদ্ধান্ত লৈছিল কেন্দ্ৰই।