বুধবাৰৰ পৰা নিউজিলেণ্ডৰ বিৰুদ্ধে আৰম্ভ হোৱা টেষ্ট শৃংখলাৰ প্ৰথমখন মেচৰ প্ৰথম ইনিংছত অত্যন্ত শোচনীয় প্ৰদৰ্শন আগবঢ়াইছে ভাৰতে। নিউজিলেণ্ডৰ বেগী বলাৰৰ বিধ্বংসী ৰূপত তিষ্ঠি থাকিব নোৱাৰি ভাৰতীয় দলে মাত্ৰ ৪৬ ৰানতে নিজৰ প্ৰথম ইনিংছ সামৰে।
নিউজিলেণ্ডৰ হৈ মেট হেনৰীয়ে সৰ্বাধিক পাঁচটা উইকেট দখল কৰে। ইয়াৰ উপৰি উইলিয়াম অ’ৰুৰকেই চাৰিটা আৰু টিম ছাউথিয়ে এটা উইকেট লাভ কৰে।
ভাৰতৰ হৈ মাত্ৰ দুজন বেটছমেনেহে দহকৰ সংখ্যা অতিক্ৰম কৰিবলৈ সক্ষম হয়। যশস্বী জয়ছৱালে ১৩ আৰু ঋষভ পণ্টে ২০ ৰান কৰাৰ উপৰি পাঁচজন বেটছমেনেই শূন্যতে পেভেলিয়নলৈ উভতে। কোহলী, ছৰফৰাজ খান, কে এল ৰাহুল, ৰবীন্দ্ৰ জাদেজা আৰু অশ্বিনে খাতা খুলিবলৈ সক্ষম নহ’ল।
উল্লেখ্য যে, আজিৰ এই শোচনীয় প্ৰদৰ্শনৰ ফলত ভাৰতৰ নামত সংযোজন হ’ল এক লজ্জাজনক অভিলেখ। ঘৰুৱা মাটিত ভাৰতৰ এইটোৱে হ’ল সৰ্বনিম্ন স্ক’ৰ।
টেষ্ট ক্ৰিকেট ইতিহাসত ভাৰতৰ সৰ্বনিম্ন স্ক’ৰ
৩৬- অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে
৪২- ইংলেণ্ডৰ বিৰুদ্ধে
৪৬- নিউজিলেণ্ডৰ বিৰুদ্ধে
৫৮- অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে