সিন্ধু জল চুক্তিৰ পৰিৱৰ্তনৰ দাবী জনাইছে ভাৰত চৰকাৰে। এই সন্দৰ্ভত ভাৰতে ৩০ আগষ্টত পাকিস্তানলৈ আনুষ্ঠানিক জাননী প্ৰেৰণ কৰিছে। এই সন্দৰ্ভত ১৯৬০ চনত দুয়োখন দেশৰ মাজত সিন্ধু আৰু অন্যান্য ৫ খন নদীৰ পানীৰ ব্যৱহাৰ সন্দৰ্ভত এক চুক্তি কৰা হয়।
সিন্ধু জল চুক্তিৰ দ্বাদশ অনুচ্ছেদ (৩) অনুসৰি ইয়াৰ বিধানসমূহ সময়ে সময়ে সলনি কৰিব পাৰি যাতে দুয়োখন দেশৰ স্বাৰ্থ পূৰণ কৰিব পৰা যায়।
১৯৬০ চনৰ চুক্তিখনৰ পৰিৱৰ্তনৰ দাবী সন্দৰ্ভতো ভাৰতে কিছু যুক্তি আগবঢ়াইছে যে ইয়াৰ কিয় প্ৰয়োজন।
বিভিন্ন ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা খবৰ অনুসৰি, ভাৰত চৰকাৰে কৈছে যে ১৯৬০ চনৰ পৰা পৰিস্থিতিৰ বহু পৰিৱৰ্তন হৈছে। এনে পৰিস্থিতিত সিন্ধু জল চুক্তিৰ চৰ্তত কিছু পৰিৱৰ্তন কৰাৰ প্ৰয়োজন আছে।
বিশেষকৈ ইয়াৰ তিনিটা কাৰণ উল্লেখ কৰি ভাৰতে কয় যে ১৯৬০ চনত সিদ্ধান্ত লোৱা চৰ্তসমূহৰ এতিয়া কোনো ভিত্তি নাই। তাৰ পিছৰ পৰা কথাবোৰ বহুত সলনি হৈছে। প্ৰথম কাৰণটো দিয়া হৈছে যে জনগাঁথনিৰ পৰিৱৰ্তন হৈছে। ইয়াৰ বাবেই কৃষি আৰু অন্যান্য বিষয়ত পানীৰ ব্যৱহাৰৰ ক্ষেত্ৰতো পৰিৱৰ্তন ঘটিছে।
ইয়াৰ উপৰি ভাৰতে ক্ষতিকাৰক গেছ নিৰ্গমন দূৰ কৰি স্বচ্ছ শক্তিৰ দিশত আগবাঢ়িব বিচাৰিছে। ইয়াৰ বাবে সিন্ধু জল চুক্তি অনুসৰি পুনৰবাৰ নদীৰ পানীৰ ওপৰত অধিকাৰৰ সিদ্ধান্ত লোৱাটো প্ৰয়োজনীয়।
ইয়াৰ উপৰি তৃতীয় কাৰণ হিচাপে কোৱা হৈছে যে সন্ত্ৰাসবাদৰ বাবে এই চুক্তি সঠিকভাৱে কাৰ্যকৰী হোৱা নাই। ইয়াৰ বাবে ভাৰতে নিজৰ অধিকাৰ সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰিবলৈ সক্ষম হোৱা নাই। কিশানগংগা আৰু ৰেটল জলবিদ্যুৎ প্ৰকল্পৰ প্ৰতি পাকিস্তানৰ মনোভাৱক লৈও ভাৰত চিন্তিত। ভাৰতে কয় যে পাকিস্তানে এই প্ৰকল্পসমূহৰ প্ৰতি বাধাৰ সৃষ্টি কৰিছে, আনহাতে ভাৰতে জল চুক্তিৰ প্ৰতি সদায় উদাৰ মনোভাৱ গ্ৰহণ কৰি আহিছে।