পাকিস্তান সীমান্তত যুদ্ধ অনুশীলনৰ বাবে ভাৰতে NOTAM অৰ্থাৎ নটিছ টু এয়াৰ মিছন চিষ্টেম জাৰি কৰিছে। বুধবাৰ অৰ্থাত ৭ মে’ত দেশৰ ২৪৪খন জিলাত মক ড্ৰিল অনুষ্ঠিত হ’ব।
NOTAM হৈছে এনে এখন জাননী য’ত যিকোনো বিমান পৰিবহণৰ সুবিধা, সেৱা, প্ৰক্ৰিয়া বা বিপদৰ প্ৰতিষ্ঠা, অৱস্থা বা পৰিৱৰ্তনৰ সৈতে জড়িত তথ্য থাকে। ৭ মে’ত পাকিস্তানৰ সীমান্তৱৰ্তী বহু জিলাতো মক ড্ৰিল হোৱাৰ সম্ভাৱনা আছে। ভাৰতে ইতিমধ্যে NOTAM জাৰি কৰিছে।
পাকিস্তান সীমান্তৰ ছেক্টৰ ৰাইটত অৱস্থিত ৰাজস্থানৰ SWAC AOR এলেকাত হ’ব ভাৰতীয় বায়ুসেনাৰ NOTAM। ৭ মে’, ১৫৩০ ইউটিচিৰ পৰা ৮ মে’, ২১৩০ ইউটিচিলৈ অনুষ্ঠিত হ’ব।
NOTAMৰ পৰিসৰে কৰাচী আৰু ভোলাৰীৰ আশে-পাশে থকা আকাশমাৰ্গ সামৰি লৈছে। ইতিমধ্যে ভোলাৰীত মোতায়েন কৰা হৈছে পাকিস্তান বায়ুসেনাৰ এফ-১৬ জেট আৰু এৱাকছ (AWACS) বিমান।
উল্লেখ্য যে, ২০১৯ চনৰ বালাকোট আক্ৰমণৰ সময়তো পাকিস্তানী বায়ু সেনাক মনোযোগ আঁতৰাবলৈ একেধৰণৰ আকাশমাৰ্গ ব্যৱহাৰ কৰা হৈছিল। ইফালে পাকিস্তানৰ গুৰুত্বপূৰ্ণ বিমান ঘাটিসমূহৰ সমীপত ভাৰতে নিজৰ প্ৰস্তুতি বৃদ্ধি কৰাটোৱে যুদ্ধৰ ইংগিত প্ৰদান কৰিছে।