ভাৰত চৰকাৰে পাঁচ বছৰৰ পিছত চীনৰ নাগৰিকক লৈ এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। চীনৰ নাগৰিকৰ বাবে বন্ধ হৈ থকা টুৰিষ্ট ভিছা পুনৰ প্ৰদানৰ কাম আৰম্ভ কৰিছে ভাৰতে। শেহতীয়াকৈ ভাৰত-চীনৰ সম্পৰ্ক কিছু পৰিমানে উন্নত হোৱাৰ বাবেই এই পদক্ষেপ গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে।
এই প্ৰক্ৰিয়াৰ অধীনত চীনৰ নাগৰিকে প্ৰথমে অনলাইন ভিছা আবেদন পত্ৰ পূৰণ কৰি এপইণ্টমেণ্ট ল’ব লাগিব আৰু তাৰ পিছত বেইজিং, চাংহাই বা গুৱাংঝুত থকা ভাৰতীয় ভিছা আবেদন কেন্দ্ৰত নথি-পত্ৰ জমা দিব লাগিব।
ক’ভিড-১৯ মহামাৰী আৰু ২০২০ চনত গালৱান উপত্যকাত সংঘটিত হোৱা সামৰিক সংঘাতৰ পাছতে ভাৰত চৰকাৰে চীনৰ পৰ্যটন ভিছা বন্ধ কৰি দিছিল।
চীনৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ৱীব’ত চীনত থকা ভাৰতৰ দূতাবাসে ভাৰতে ২৪ জুলাইৰ পৰা চীনৰ নাগৰিকক পৰ্যটন ভিছা প্ৰদানৰ ব্যৱস্থা পুনৰ আৰম্ভ কৰিব বুলি জনাইছে। শুকুৰবাৰৰ পৰা চীনৰ নাগৰিকে ভাৰত ভ্ৰমণৰ বাবে পৰ্যটন ভিছাৰ বাবে আবেদন কৰিব পাৰিব।
উল্লেখ্য যে, চীনৰ চৰকাৰী সংবাদ মাধ্যম গ্ল’বেল টাইমছেও ছ’চিয়েল মিডিয়াত লিখিছে যে চীনত থকা ভাৰতীয় দূতাবাসে বুধবাৰে ঘোষণা কৰিছে যে ২৪ জুলাইৰ পৰা চীনৰ নাগৰিকে ভাৰত ভ্ৰমণৰ বাবে পৰ্যটন ভিছাৰ বাবে অনলাইন আবেদন কৰিব পাৰিব, এপইণ্টমেণ্ট ল’ব পাৰিব আৰু দক্ষিণ চীনৰ গুৱাংডং প্ৰদেশৰ বেইজিং, চাংহাই আৰু গুৱাংঝোত অৱস্থিত ইণ্ডিয়ান ভিছা আবেদন কেন্দ্ৰত পাছপ’ৰ্ট আৰু অন্যান্য প্ৰয়োজনীয় নথি-পত্ৰ জমা দিব পাৰিব।