ইৰাণ-ইজৰাইল যুদ্ধ আৰু ইয়াত আমেৰিকাৰ হস্তক্ষেপৰ পিছত এতিয়া ঘোষণা কৰা হৈছে যুদ্ধবিৰতি। বিগত কেইবাদিনো ধৰি চলি থকা সমগ্ৰ ঘটনা সন্দৰ্ভতো ভাৰতে এক বিবৃতি প্ৰকাশ কৰিছে। ইৰাণ আৰু ইজৰাইলৰ যুদ্ধবিৰতিক ভাৰতে আদৰণি জনাইছে।
ইয়াৰ উপৰি ভাৰতে দুয়োখন দেশে আলোচনা আৰু কূটনীতিৰ পথ গ্ৰহণ কৰিব লাগে বুলিও গুৰুত্ব আৰোপ কৰিছে। সমগ্ৰ পৰিস্থিতিক লৈ ভাৰতে ‘গুৰুতৰভাৱে চিন্তিত’ বুলি কয় যদিও ইৰাণ আৰু ইজৰাইলৰ মাজত যুদ্ধবিৰতিৰ বাতৰিক আদৰণি জনাইছে।
ভাৰতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক্সৰ জৰিয়তে এটা পোষ্টটোত কয় যে আমি ইৰাণৰ পাৰমাণৱিক কেন্দ্ৰৰ বিৰুদ্ধে আমেৰিকাৰ ব্যৱস্থা আৰু কাটাৰত থকা আমেৰিকাৰ সামৰিক ঘাটিৰ বিৰুদ্ধে ইৰাণৰ প্ৰতিশোধমূলক ব্যৱস্থাকে ধৰি ইৰাণ আৰু ইজৰাইলৰ মাজত সংঘাতৰ সৈতে জড়িত পৰিস্থিতিসমূহ নিৰীক্ষণ কৰি আহিছো।’
ইৰাণ আৰু ইজৰাইলৰ মাজত যুদ্ধবিৰতি সম্পৰ্কীয় বিভিন্ন প্ৰতিবেদন আৰু এই দিশত আমেৰিকা আৰু কাটাৰে গ্ৰহণ কৰা ভূমিকাক আমি আদৰণি জনাইছো। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে আমি পুনৰ ক’ব বিচাৰো যে অঞ্চলটোৰ বিভিন্ন সংঘাত সমাধানৰ বাবে আলোচনা আৰু কূটনীতিৰ বাহিৰে আন কোনো বিকল্প নাই।
বিবৃতি অনুসৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে ভাৰত এই প্ৰচেষ্টাসমূহত নিজৰ ভূমিকা পালন কৰিবলৈ সাজু আৰু আশা কৰিছে যে সংশ্লিষ্ট সকলো পক্ষই স্থায়ী শান্তি আৰু স্থিতিশীলতাৰ দিশত কাম কৰিব।